দুৰ্বাসা
From Wikipedia, the free encyclopedia
দুৰ্বাসা (সংস্কৃত: दुर्वासा ) প্ৰাচীন ভাৰতীয় পৌৰাণিক আখ্যানৰ এগৰাকী ঋষি। দুৰ্বাসা ঋষি প্ৰবল ক্ৰোধৰ বাবে জনাজাত। পুৰাণ বৰ্ণিত আখ্যান অনুসৰি দুৰ্বাসা ঋষিৰ পিতৃ অত্ৰি আৰু মাতৃ অনসুয়া। ঋষি দুৰ্বাসা শিৱৰ অংশাৱতাৰ হিচাপেও জনা যায়। দুৰ্বাসা শব্দৰ অৰ্থ যাৰ সৈতে বাস কৰিব নোৱাৰি। এইগৰাকী ঋষি সামান্য কথাতে ক্ষুণ্ণ হয় বুলি জনা যায় আৰু সেয়েহে এইজনা ঋষি জড়িত বহুতো উপাখ্যান প্ৰাচীন ভাৰতীয় ধৰ্মগ্ৰন্থসমূহত পোৱা যায়।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
বৰ্তমানৰ আজমগড় অঞ্চলত থকা জনবিশ্বাস অনুসৰি তোন নদী আৰু মাজুয়ী নদীৰ সংগম অঞ্চলত ঋষি দুৰ্বাসাই আশ্ৰম স্থাপন কৰিছিল। ফুলপুৰ অঞ্চলৰ পৰা ৬ কিলোমিটাৰ উত্তৰে অৱস্থিত এই আশ্ৰমতে দুৰ্বাসাৰ শিষ্যসকলে শিক্ষা গ্ৰহণ কৰিছিল বুলি জনা যায়। বৰ্তমানৰ হাৰিয়ানা ৰাজ্যৰ পালৱাল জিলাত ঋষি দুৰ্বাসাৰ এটা মন্দিৰ আছে। হাৰিয়ানাৰ তেহচিল-হোডাল অঞ্চলৰ আলি ব্ৰাহ্মণ গাঁৱত এই মন্দিৰ অৱস্থিত। দিল্লী-মথুৰা পথৰ সমীপত অৱস্থিত এই অঞ্চলত দুৰ্বাসাক শিৱৰ অৱতাৰ হিচাপে পূজা-অৰ্চনা কৰা হয়।