চৰ্যাপদ
৮ম-১৩শ শতিকামানত ৰচিত মূলতঃ বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত / From Wikipedia, the free encyclopedia
চৰ্যাপদ হৈছে ৮ম-১৩শ শতিকামানত ৰচিত মূলতঃ বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত। প্ৰত্যেকটো চৰ্যা সাঁথৰৰ দৰে, ইয়াৰ বাহ্যিক অৰ্থ অতি সহজ কিন্তু মৰ্মাৰ্থ বা গূঢ়াৰ্থ বুজা কঠিন। চৰ্যাপদসমূহক [ ]]-অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে। বতৰ্মান সময়ত বিভিন্ন গৱেষণাৰ অন্তত চৰ্যাপদসমূহত অসমীয়া ভাষাৰ উপৰি বঙলা, উৰিয়া, হিন্দী, মৈথেলী আদি ভাষাৰো আদি কালৰ নিদশৰ্ন ৰক্ষিত হৈছে বুলি প্ৰমাণিত হৈছে। এই চৰ্যাপদসমূহ পোন প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰে হৰপ্ৰসাদ শাস্ত্ৰীয়ে। চৰ্যাপদৰ ভাষাক "সন্ধ্যাভাষা" বা "আলো-আঁধাৰি ভাষা" বুলি অভিহিত কৰা হয়। বৰ্তমান ৮৪ জন সিদ্ধাচৰ্যৰ দ্বাৰা ৰচিত ৫০টা চৰ্যা পোৱা যায়।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |