কৰ'নাভাইৰাছ ৰোগ ২০১৯
ৰোগ / From Wikipedia, the free encyclopedia
কৰ'না ভাইৰাছ ৰোগ ২০১৯ (ইংৰাজী: Coronavirus disease 2019; চমুকৈ COVID-19) হ'ল severe acute respiratory syndrome coronavirus 2 (অতিকৈ তীব্ৰ শ্বাসজনীত লক্ষণীয় কৰ'নাভাইৰাছ ২) বা চমুকৈ SARS-CoV-2এ কৰা এক প্ৰকাৰৰ সংক্ৰামক ৰোগ।[9] ২০১৯ চনত চীনৰ হুবেই প্ৰদেশৰ ৱুহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰি ২০১৯ − ২০২০ চনৰ কৰ'নাভাইৰাছৰ বৈশ্বিক মহামাৰীৰ সৃষ্টি কৰে।[10][11] প্ৰথমগৰাকী ৰোগী ২০১৯ চনৰ ১৭ নৱেম্বৰৰ বুলি ঠাৱৰ কৰা হৈছে। [12]
এই প্ৰবন্ধৰ উন্নীতকৰণৰ প্ৰয়োজন। অনুগ্ৰহ কৰি সাম্প্ৰতিক ঘটনা বা নতুনকৈ উপলব্ধ তথ্য সংযোগ কৰি প্ৰবন্ধ উন্নত কৰক। বিতং ভাৱে জানিবৰ বাবে আলোচনা পৃষ্ঠা চাওক। |
কৰ'নাভাইৰাছ ৰোগ ২০১৯ (COVID-19) | |
---|---|
অন্য নাম | * কৰ'নাভাইৰাছ |
COVID-19 লক্ষণসমূহ | |
উচ্চাৰণ | |
বিভাগ | সংক্ৰামক ৰোগ |
লক্ষণ | জ্বৰ, কাহ, ভাগৰ লগা, উশাহ চুটি, ডায়েৰিয়া, গোন্ধ নোপোৱা; কেতিয়াবা কোনো লক্ষণ নাথাকে[5][6] |
জটিলতা | নিউম'নিয়া, ভাইৰেল ছেপ্ছিছ, ARDS, বৃক্কৰ বিকলতা , হেপি হাইপক্সিয়া , কলা ভেঁকুৰৰ সংক্ৰমণ |
আৰম্ভণি | সংক্ৰমণ হোৱাৰ পৰা ২–১৪ দিন (সাধাৰণতে ৫ দিন) |
কাৰণ | ছাৰ্ছ-ক'ভ-২ |
আশংকাৰ কাৰণ | ভ্ৰমণ, ভাইৰাছৰ সংস্পৰ্শ |
ৰোগ নিৰূপণ | rRT-PCR পৰীক্ষা, চিটি স্কেন |
প্ৰতিৰোধ | সঠিক হাত ধোৱা প্ৰণালী, মাস্ক/মুখবন্ধ, [কোৱাৰেণ্টিন]], শাৰীৰিক দূৰত্ব[7] |
চিকিৎসা | ভেকচিন প্ৰদান , লক্ষণগত আৰু সামৰ্থক |
পুনৰাবৃত্তি | 33,74,07,462[8] গৰাকী নিশ্চিত ৰোগী |
মৃত্যু | 55,64,236 (নিশ্চিত ৰোগীৰ 1.6%)[8] |
অধিকাংশ ৰোগীৰ ক্ষেত্ৰত জ্বৰ, কাহ, ভাগৰ লগা, উশাহ লওঁতে কষ্ট হোৱা, আৰু গোন্ধ আৰু সোৱাদ হেৰোৱা এই লক্ষণসমূহ দেখা যায়।[5][13][14][15] অধিকাংশতে ৰোগীৰে অলপীয়া লক্ষণ দেখা যায় যদিও[16] একাংশৰ চাইট'কাইন ষ্টৰ্ম, দেহৰ অংগসমূহ বিকল হোৱা, ছেপ্টিক শ্বক, ৰক্ত আতঞ্চনৰ পৰা একিউট ৰেছ্পিৰেটৰী ডীষ্ট্ৰেছ ছীণ্ড্ৰ'ম (ARDS) হয়গৈ।[10][17] সংক্ৰমণ হোৱা প্ৰায় এক তৃতীয়াংশ লোক অলাক্ষণিক হৈ থাকে৷[18] ভাইৰাছৰ আক্ৰমণৰ পৰা লক্ষণ ওলাবলৈ সাধাৰণতে পাঁচ দিন লাগে, কিন্তু একৰ পৰা চৈধ্য দিন পৰ্যন্ত হ'ব পাৰে।[19] বয়সীয়া লোকসকলৰ তীব্ৰ লক্ষণ হোৱাৰ আশংকা বেছি। কিছুসংখ্যক লোকৰ ক'ভিডৰ প্ৰভাৱ বৰ দীঘলীয়া হয় আৰু নানা অংগৰ ক্ষতি পৰিলক্ষিত হৈছে।[20] ৰোগটোৰ দীৰ্ঘম্যাদী প্ৰভাৱ অনুসন্ধান কৰিবলৈ এতিয়া কেইবাবছৰীয়াজোৰা অধ্যয়ন চলি আছে।[20]
সাধাৰণতে এই ভাইৰাছ মানুহৰ নিকট সংস্পৰ্শত[lower-alpha 1] আৰু কাহ মাৰিলে[lower-alpha 2], হাঁচি মাৰিলে আৰু কথা ক'লে ওলোৱা শ্বসন ড্ৰপ্লেটৰ জৰিয়তে বিয়পে।[6][21][23] এই ড্ৰপ্লেটবোৰ সাধাৰণতে বতাহত দূৰলৈ যোৱাৰ সলনি মাটিলৈ বা পৃষ্ঠলৈ সৰি পৰে।[6] দূষিত পৃষ্ঠ চুই মুখমণ্ডলত হাত লগালেও ই বিয়পিব পাৰে।[6][21] ৰোগৰ লক্ষণ ওলোৱাৰ তিনিদিনৰ ভিতৰত ই আটাইতকৈ বেছি সংক্ৰামক, কিন্তু লক্ষণ ওলোৱাৰ আগতেই আৰু লক্ষণ নথকা লোকৰ পৰাও ৰোগ সোঁচৰা সম্ভৱ।[6][21] নাসিকা গ্ৰসনীৰ পৰা কপাহেৰে লোৱা নমুনা (nasopharyngeal swab) reverse transcription polymerase chain reaction (rRT-PCR) পৰীক্ষা কৰি এই ৰোগ নিৰ্ণয় কৰা হয়।[24] লক্ষণ আৰু বিপদাশংকাৰ ওপৰত ভিত্তি কৰি সন্দেহ হ'লে বুকুৰ চি টি স্কেনো সহায়ক হয়, কিন্তু নিয়মীয়া পৰীক্ষাৰ বাবে নিৰ্দেশাৱলীয়ে চি টি স্কেন অনুমোদন নকৰে।[25][26]
ঘনাই হাত ধোৱা, আন লোকৰ পৰা আঁতৰি থকা (বিশেষকৈ লক্ষণ থকাসকলৰ পৰা), কোৱাৰেণ্টিন (বিশেষকৈ লক্ষণ থকাসকলে), কাহ ঢাকি ৰখা আৰু নোধোৱা হাত মুখমণ্ডলৰ পৰা আঁতৰাই ৰখা এই ৰোগ প্ৰতিৰোধৰ অনুমোদিত বিধি।[7][27][28] স্বাস্থ্য বিষয়াসকলে ৰাজহুৱা স্থানত সাধাৰণ লোকে মাস্ক বা মুখবন্ধ ব্যৱহাৰ কৰাত অনুমোদন জনাইছে আৰু কিছুমান ঠাইত এয়া বাধ্যতামূলক।[29][30] n95 ৰ দৰে মেডিকেল মাস্ক স্বাস্থ্য কৰ্মী আৰু ৰোগীক পৰিচৰ্যা কৰা লোকসকলেহে পৰিধান কৰিব লাগে বুলি জনোৱা হৈছে।[31][32]
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে COVID-19ৰ কোনো নিৰ্দিষ্ট প্ৰতিষেধক বা এণ্টিভাইৰেল ঔষধ নাই।[6] লক্ষণগত চিকিৎসা, সামৰ্থক শুশ্ৰূষা, ৰোগীক আঁতৰাই ৰখা (isolation) আৰু পৰীক্ষামূলক ঔষধেই ইয়াৰ বৰ্তমানৰ চিকিৎসা।[33] বিশ্ব স্বাস্থ্য সংস্থাই ২০২০ চনৰ ৩০ জানুৱাৰীত কৰ'না ভাইৰাছ মহামাৰীক আন্তঃৰাষ্ট্ৰীয় আশংকাৰ ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থা (Public Health Emergency of International Concern - PHEIC) বুলি ঘোষণা কৰে[34][35] আৰু একে বছৰৰে ১১ মাৰ্চত বৈশ্বিক মহামাৰী (pandemic) বুলি ঘোষণা কৰে।[11] ছয়োটা WHO অঞ্চলৰ অন্তৰ্ভুক্ত বহু দেশত ৰোগবিধৰ স্থানীয় সংক্ৰমণৰ প্ৰমাণ পোৱা গৈছে।[36]