কোণ
From Wikipedia, the free encyclopedia
কোণ, (ইংৰাজী: Angles) দুডাল সৰলৰেখাই এটা বিন্দুত উৎপন্ন কৰা চুক। বা এটা সাধাৰণ বিন্দুৰ পৰা যাত্ৰা কৰা দুডাল ৰশ্মিয়ে উক্ত বিন্দুত যি এটা চুকৰ সৃষ্টি কৰে তাকে কোণ বোলে। ইয়াত ৰশ্মি বা ৰেখা দুডালক কোণটোৰ বাহু বুলি কোৱা হয়। এই সাধাৰণ বিন্দুটোক শীৰ্ষবিন্দু বুলি কোৱা হয়।[1] দ্বিমাত্ৰিক কোণ প্ৰধানত দুই প্ৰকাৰৰ – জ্যামিতিক কোণ ও ত্ৰিকোণমিতিক কোণ। ইংৰাজীৰ এঙ্গল(angle) শব্দটো লেটিন ভাষাৰ এঙ্গুলাচ(angulus) শব্দটোৰ পৰা লোৱা হৈছে। যাৰ অৰ্থ- চুক।[2] এটা কোণৰ জোখ ডিগ্ৰী, ৰেডিয়ান, আৰু গ্ৰেড এই তিনি প্ৰকাৰত প্ৰকাশ কৰা হয়। এই তিনিপ্ৰকাৰৰ জোখৰ মাজৰ সম্পৰ্কটো হ'ল- ১৮০ ডিগ্ৰী = ২০০ গ্ৰেড = π (পাই) ৰেডিয়ান।