ৰেখা
From Wikipedia, the free encyclopedia
সংজ্ঞা: বিন্দুৰ গতিপথকে (locus) ৰেখা বোলে। বিন্দুৱে দিশ নসলোৱাকৈ পোনে পোনে গতি কৰিলে সৰল ৰেখা আৰু বক্ৰপথত গতি কৰিলে বক্ৰৰেখাৰ সৃষ্টি হয়। একোডাল ৰেখা অসংখ্য বিন্দুৰ সমষ্টি। ৰেখাৰ সহায়ত বিভিন্ন ধৰণৰ জ্যামিতিক আকাৰৰ পৰিসীমা তৈয়াৰ কৰা যায়। উদাহৰণস্বৰূপে সৰলৰেখাৰ সহায়ত ত্ৰিভুজ, চতুৰ্ভূজ, আয়তক্ষেত্ৰ, ৰম্বাছ, সামান্তৰিক, পঞ্চভূজ ইত্যাদি তৈয়াৰ কৰা হয়। আনহাতে বক্ৰৰেখাৰ সহায়ত বৃত্ত, উপবৃত্ত, অধিবৃত্ত ইত্যাদি তৈয়াৰ কৰা হয়। ইঞ্জিনিয়াৰিং বা পদাৰ্থবিজ্ঞান প্ৰভৃতি বিষয়ত গণনাকাৰ্য্যত ৰেখাৰ গুৰুত্ব অপৰিসীম।
চিত্ৰকলাটো ৰেখাৰ ব্যৱহাৰ উল্লেখযোগ্য। বিভিন্ন ধৰণৰ ৰেখাৰ ৰূপকৰ সহায়ত শিল্পীসকলে তেওঁলোকৰ বিভিন্ন ৰেখাচিত্ৰ অংকন কৰে।