কেৰিবিয়ান হিন্দুস্তানী
From Wikipedia, the free encyclopedia
কেৰিবিয়ান হিন্দুস্তানী (Devanagari: कैरेबियाई हिंदुस्तानी; Kaithi: 𑂍𑂶𑂩𑂵𑂥𑂱𑂨𑂰𑂆⸱𑂯𑂱𑂁𑂠𑂳𑂮𑂹𑂞𑂰𑂢𑂲; Perso-Arabic: کَیریبئائی ہندوستانی) এটি ভাৰতীয়-আৰ্য ভাষা যি ভাৰতীয়-কেৰিবিয়ান লোকে ব্যৱহাৰ কৰা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা। ই বিহাৰী ভাষাগোষ্ঠীৰ অন্তৰ্গত। ই এটি ক'ইনে ভাষা যি ভোজপুৰী আৰু অৱধী ভাষাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ হৈছে। শ্ৰমিক হিচাপে কেৰিবিয়ানলৈ ভাৰতৰ পৰা যোৱা সৰহ সংখ্যক লোকে এই দুই ভাষাই ব্যৱহাৰ কৰিছিল। এই ভাষাৰ ফিজি হিন্দী আৰু মৰিচিয়াছ তথা দক্ষিণ আফ্ৰিকাত ব্যৱহৃত ভোজপুৰী-হিন্দুস্তানীৰ সৈতে মিল আছে।
Caribbean Hindustani | |
---|---|
कैरेबियाई हिंदुस्तानी (Devanagari script) 𑂍𑂶𑂩𑂵𑂥𑂱𑂨𑂰𑂆⸱𑂯𑂱𑂁𑂠𑂳𑂮𑂹𑂞𑂰𑂢𑂲 (Kaithi script) کَیریبئائی ہندوستانی (Perso-Arabic script) | |
Caribbean Hindustani written in the Latin, Devanagari, Kaithi, and Perso-Arabic scripts | |
অঞ্চল | Caribbean |
জাতীয়তা | *Indo-Caribbeans
|
স্থানীয় ভাষিক |
সাঁচ:Sigfig in Suriname (2018)e25 15,633 in Trinidad and Tobago[1] 299,400 in all countries (2006–2019)[2] |
ভাষা পৰিয়াল |
Indo-European
|
উপভাষা | *Trinidadian Hindustani |
লিখন প্ৰণালী | |
ভাষা সংকেত | |
ISO 639-3 | hns |
যিহেতু কেৰিবিয়ানলৈ যাত্ৰা কৰা প্ৰায়বোৰ লোকেই বিহাৰ, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত বিয়পি থকা ভোজপুৰ অঞ্চলৰ তথা উত্তৰ প্ৰদেশৰ অৱধ অঞ্চলৰ আছিল, সেয়ে কেৰিবিয়ান হিন্দুস্তানী মুখ্যতঃ ভোজপুৰী আৰু অৱধীৰৰ দৰে পূৰ্বী-হিন্দী আৰু বিহাৰী ভাষাৰ পৰা অনুপ্ৰাণিত। পাছলৈ বলিউড চিনেমাৰ প্ৰভাৱত মানক হিন্দীয়েও এই ভাষাক প্ৰভাৱিত কৰিলে। তদুপৰি, কম পৰিমাণে, তামিল আৰু অন্যান্য দ্ৰাৱিড় ভাষাৰ প্ৰভাৱো কেৰিবিয়ান হিন্দুস্তানীত দেখা যায়।[6] চুৰিনামত ডাছ আৰু ইংৰাজী আৰু ট্ৰিনিডাড আৰু টোবাগোত ইংৰাজী আৰু ফঁৰাচী ভাষায়ো এই ভাষাক প্ৰভাৱিত কৰিছে। কেৰিবিয়ান হিন্দুস্তানীৰ নতুন শব্দসমূহে ঘাইকৈ কেৰিবিয়ান-ভাৰতীয়সকলে অনুভৱ কৰা নতুন বাস্তৱতাক প্ৰকাশ কৰে। কেৰিবিয়ানত মানক হিন্দীৰ প্ৰৱেশৰ পাছত অনেকে এই ভাষাক হিন্দীৰ এটি ভঙা ৰূপ জ্ঞান কৰিবলৈ লৈছিল। পিচে পাছলৈ গৱেষণাই দেখুৱাইছে যে ই হিন্দীৰ ভঙা উপ-ভাষা নহয়, বৰং এক স্বকীয় পূৰ্বী ভাৰতীয়-আৰ্য ভাষাহে, যি ভোজপুৰী আৰু অৱধীৰ দ্বাৰাহে প্ৰভাৱিত, মানক হিন্দী বা খড়ী বোলীৰ দ্বাৰা নহয়। সেয়ে ই শুনিবলৈ মানক হিন্দীতকৈ বেলেগ।[7]
ধৰ্মৰ ভেদ পৰিহাৰ কৰি প্ৰায় সকলো ভাৰতীয়-কেৰিবিয়ান লোকে কেৰিবিয়ান হিন্দুস্তানীক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে। কিন্তু হিন্দুসকলে সংস্কৃতৰ পৰা অহা শব্দ আৰু মুছলিমসকলে ফাৰ্চী, আৰবী তথা তুৰ্কীৰ পৰা অহা শব্দ ব্যৱহাৰ কৰে, ঠিক সেইদৰেই যিদৰে হিন্দুস্তানী ভাষাত হিন্দী আৰু উৰ্দু পৃথক। লিখিত ৰূপত, হিন্দুসকলে ঘাইকৈ দেৱনাগৰী লিপি ব্যৱহাৰ কৰে, আৰু কোনো কোনো মুছলমান লোকে নাস্তালিক ৰূপত ফাৰ্চী-আৰবী লিপি ব্যৱহাৰ কৰে, উৰ্দুৰ দৰে। ঐতিহাসিকভাৱে কৈথী লিপিও ব্যৱহাৰ কৰা হৈছিল।[5] পিচে ভাষাটোৰ ব্যৱহাৰৰ নিম্নগমনৰ লগে লগেই এই লিপিসমূহৰ ব্যৱহাৰ কমি আহিছে। তাৰ স্থান লৈছে লেটিন লিপিয়ে, যি সকলোৰে মাজত সহজবোধ্য।
চাটনী সংগীত, চাটনী চোকা, চাটনী পৰংগ, বৈঠক গানা, লোক সংগীত, শাস্ত্ৰীয় সংগীত, কিছু হিন্দু আৰু মুছলিম ধাৰ্মিক গীত, আনকি কিছু কিছু খ্ৰীষ্টান ধাৰ্মিক গীতো কেৰিবিয়ান হিন্দুস্তানীত উপলব্ধ, কেতিয়াবা কেতিয়াবা ইংৰাজী বা ডাছ ভাষাৰ সৈতে সংমিশ্ৰিত ৰূপত।