কামৰূপী উপভাষা
অসমীয়া ভাষাৰ এক উপভাষা / From Wikipedia, the free encyclopedia
কামৰূপী উপভাষা বা কামৰূপীয়া অসমৰ কামৰূপ অঞ্চলত বহুলভাৱে প্ৰচলিত অসমীয়া ভাষাৰ উপভাষা।[2][3] পশ্চিম অসমত প্ৰচলিত অসমীয়াৰ দুই উপভাষাৰ ভিতৰত কামৰূপী অন্যতম। আনটো উপভাষা হৈছে গোৱালপাৰীয়া উপভাষা বা গোৱালপাৰীয়া।[4] কামৰূপীয়াৰ লগত বৰপেটীয়া, নলবাৰীয়া আৰু পলাশবাৰীয়া উপভাষাৰ লগত মিল আছে। কিছুমানৰ মতে এই তিনিটা কামৰূপীৰ উপ-উপভাষা।[5]
কামৰূপী উপভাষা | |
---|---|
উচ্চাৰণ | /ˈkæmruːpi/[1] |
থলুৱা অঞ্চল | ভাৰত |
অঞ্চল | কামৰূপ অঞ্চল |
জাতীয়তা | কামৰূপীয়া |
ভাষা পৰিয়াল |
ইণ্ডো-ইউৰোপীয় ভাষা
|
উপভাষা |
|
লিখন প্ৰণালী | অসমীয়া বৰ্ণমালা |
ভাষা সংকেত | |
ISO 639-3 | – |
গ্লোটোলগ | নাই |
মধ্যযুগত গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত সংস্কৃত ভাষাৰ সমান্তৰালকৈ কামৰূপী পদ্য আৰু গদ্য ৰচনাত সাহিত্যিক ভাষা হিচাপে ব্যৱহৃত হৈছিল। সেই সময়ত মধ্য ভাৰতত প্ৰচলিত ৰীতিৰ ই ওলোটা আছিল, যেনে বিদ্যাপতিয়ে গদ্যৰ বাবে সংস্কৃত আৰু পদ্যৰ বাবে মৈথিলী ভাষা ব্যৱহাৰ কৰিছিল।[6] বৰ্তমান সময়ত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ইন্দিৰা গোস্বামীয়ে তেওঁৰ সাহিত্যত দক্ষিণ কামৰূপী ভাষা প্ৰয়োগ কৰিছিল। সেইদৰে কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়েও তেখেতৰ সাহিত্যত কামৰূপী ব্যৱহাৰ কৰিছিল। [7]২০১৮ চনত কামৰূপী ভাষাত নিৰ্মিত ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ অস্কাৰ বঁটালৈ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ মনোনয়নৰ বাবে ভাৰতৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰিছিল।[8]