এফ্ৰো-ইউৰেছিয়া
From Wikipedia, the free encyclopedia
এফ্ৰো-ইউৰেছিয়া[1] (ইংৰাজী: Afro-Eurasia) বা এফ্ৰেছিয়া[2] বা ইউৰেফ্ৰেছিয়া[2] শব্দক পৃথিৱীৰ সৰ্ববৃহৎ ভূ-খণ্ডক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক এক অতিমহাদেশ বুলিব পাৰি। এফ্ৰো-ইউৰেছিয়া আফ্ৰিকা আৰু ইউৰেছিয়া মহাদেশক লৈ গঠিত। ইউৰেছিয়াক আকৌ এছিয়া আৰু ইউৰোপ মহাদেশত ভাগ কৰা হৈছে।
ক্ষিপ্ৰ তথ্য মাটিকালি, জনসংখ্যা ...
বন্ধ কৰক
এফ্ৰো-ইউৰেছিয়া ভূ-খণ্ডৰ মাটিকালি ৮,৪৯,৮০,৫৩২ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা প্ৰায় ৫.৭ বিলিয়ন, যি পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮৫%।[3]
এই ভূ-খণ্ডক পুৰণা পৃথিৱী (ইংৰাজী: Old World) বুলিও জনা যায়। ইয়াৰ বিপৰীতে আমেৰিকাক নতুন পৃথিৱী (ইংৰাজী: New World) বুলা হয়।