উত্তৰ-পূব সীমান্ত ৰেলৱে
From Wikipedia, the free encyclopedia
উত্তৰ-পূব সীমান্ত ৰেলৱে (ইংৰাজী: Northeast frontier Railway) হ'ল ৰেলৱে ভাৰতীয় ৰেলৰ ষোলটা ৰেল মণ্ডলৰ (zone) আটাইতকৈ সৰু ৰেল মণ্ডল; অথচ ই আটাইতকৈ বেছি ৰাজ্যক সামৰি লৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মানচিত্ৰই সামৰি লোৱা ৰাজ্যকেইখন হ'ল- অসম, মেঘালয়, পশ্চিমবংগ, বিহাৰ, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু মণিপুৰ। এই জ'নটোৱে উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন (ছিক্কিমকে ধৰি) ৰাজ্যৰ বাসিন্দালৈ সেৱা আগবঢ়োৱাৰ উপৰিও উত্তৰ বংগ আৰু পূব বিহাৰলৈয়ো সেৱা আগবঢ়াইছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সদৰ গুৱাহাটীৰ অন্তৰ্গত মালিগাঁৱত।
ক্ষিপ্ৰ তথ্য উত্তৰ-পূব সীমান্ত ৰেলৱে, অঞ্চল ...
উত্তৰ-পূব সীমান্ত ৰেলৱে | |
---|---|
3 নম্বৰ অংশই উত্তৰ-পূব সীমান্ত ৰেলৱেক বুজাইছে | |
অঞ্চল | অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড,পশ্চিমবংগ আৰু বিহাৰ |
কাৰ্যকাল | ১৯৫৮–বৰ্তমানলৈ |
পূৰ্বসূৰি | উত্তৰ পূব ৰেলৱে |
মুখ্য কাৰ্যালয় | মালিগাঁও, গুৱাহাটী |
ৱেবছাইট | উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৱেবছাইট |
বন্ধ কৰক