আহোম ৰাজ্য
অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ এখন মধ্যযুগীয় ৰাজ্য / From Wikipedia, the free encyclopedia
আহোম ৰাজ্য (ইংৰাজী: Kingdom of Assam) বা মু'ঙ দ'ন চ'ন খাম (আহোম ভাষা:𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) ব্ৰহ্মপুত্ৰ উপত্যকাত অবস্থিত এখন মধ্যযুগীয় ৰাজ্য আছিল। ই প্ৰায় ৬০০ বছৰ ধৰি নিজৰ সাৰ্বভৌমত্ব বজাই ৰাখিছিল আৰু উত্তৰ-পূব ভাৰতত মোগলৰ শাসন বিস্তাৰ কৰাত বাধা দিছিল। মু'ঙ মাও ৰাজকোঁৱৰ চুকাফাই উত্তৰে চুতীয়া ৰাজ্য আৰু দক্ষিণে কছাৰী ৰাজ্যৰ মাজত আহোম ৰাজ্য স্থাপন কৰিছিল। এই ৰাজ্য কালক্ৰমত চৌদিশে বিস্তাৰ হয় আৰু বিশেষকৈ ১৬শ শতিকাৰ চুহুংমুং দিহীঙিয়া ৰজাৰ শাসনকালত এক শক্তিশালী ৰাজনৈতিক শক্তিত পৰিণত হয়। চুচেংফা প্ৰতাপ সিংহৰ দিনত ৰাজ্যৰ প্ৰশাসনক নতুন ৰূপ দিয়া হয় আৰু মোগলৰ লগত প্ৰথমবাৰৰ বাবে কূটনৈতিক যোগাযোগ স্থাপন কৰা হয়। গদাধৰ সিংহৰ দিনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা মোগল প্ৰভাৱ নিচিহ্ন কৰা হয়। তেওঁৰ পুত্ৰ ৰুদ্ৰ সিংহৰ দিনত আহোম ৰাজ্য উন্নতিৰ শিখৰত উপনীত হয়। মোৱামৰীয়া বিদ্ৰোহৰ পৰা আহোম ৰাজ্যৰ শক্তি টুটিবলৈ ধৰে আৰু মানৰ আক্ৰমণত ই ধ্বংসপ্ৰাপ্ত হয়। ব্ৰিটিছৰ হাতত মানৰ পৰাজয়ৰ পিছত ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি মতে অসমৰ শাসন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায়।ঔপনিবেশিক আৰু পিছৰ কালত আহোম ৰাজ্য বুলি কোৱা হ'লেও পূৰ্বে ইয়াক অসম ৰাজ্য বুলি কোৱা হৈছিল।[1]
আহোম ৰাজ্য মু'ঙ দ'ন চ'ন খাম (𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) | ||||
| ||||
আহোম ৰাজ্য; ১৭০০ শতিকাৰ | ||||
ৰাজধানী | নাম খাময়াং (বৰ্তমানৰ মানদেশত) টিপাম নামৰূপ চে' খ্ৰূ (বৰ্তমানৰ অভয়পুৰ) হাবুং চে' ৰাই দয় চে'-মুন (বৰ্তমানৰ শিৱসাগৰ আৰু ৰংপুৰ) চে'- হুঙ (বৰ্তমানৰ গড়গাঁও) সৰগুৱা বকতা যোৰহাট | |||
ভাষা(সমূহ) | আহোম ভাষা (ৰাজভাষা) অসমীয়া (প্ৰজাৰ ভাষা) | |||
ধৰ্ম | আহোম ধৰ্ম (পূব এছীয় ধৰ্ম) বাথৌ ধৰ্ম ডনি-প'ল' হিন্দু ধৰ্ম বৌদ্ধ ধৰ্ম | |||
চৰকাৰ | ৰাজতন্ত্ৰ | |||
চাওফা | ||||
- ১২২৮-১২৬৮ | চুকাফা | |||
- ১৬৪৮-১৬৬৩ | চুতামলা | |||
- ১৮১১-১৮১৮, ১৮১৯-১৮২১ | চুডিংফা | |||
কাল | আহোম যুগ | |||
- স্থাপিত | অসম দিৱস (২ ডিচেম্বৰ ১২২৮) | |||
- পতন | ইয়াণ্ডাবু সন্ধি (২৪ ফেব্ৰুৱাৰী ১৮২৬) | |||
Currency | আহোম মুদ্ৰা | |||
Warning: Value not specified for "continent" |