অসমৰ ইতিহাস
ইতিহাস / From Wikipedia, the free encyclopedia
অসমৰ ইতিহাস হৈছে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ ইতিহাস আৰু লগতে ভাৰতীয়-আৰ্য, অষ্ট্ৰ'-এচিয়াটিক আৰু তিব্বতীয়-বাৰ্মীয় সংস্কৃতিৰ মিলনৰ ইতিহাস। ৰাজনৈতিকভাৱে অসমক কেইবাবাৰো আক্ৰমণ কৰা হৈছিল, কিন্তু ১৮২১ চনত মান আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমণ পৰ্যন্ত ই কোনো বাহিৰাগত শক্তিৰ বহতীয়া বা উপনিবেশ হিচাপে থাকিবলগীয়া হোৱা নাছিল।
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
কেইবাটাও সূত্ৰৰপৰা অসমৰ ইতিহাস জানিব পাৰি। লোকগাঁথা, মহাভাৰতৰ দৰে মহাকাব্য, মধ্যযুগত ৰচিত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা ঐতিহাসিক যুগৰ কথা জানিব পাৰি। বিভিন্ন শিলালিপি আৰু তাম্ৰফলিৰ পৰা প্ৰাচীন অসমৰ কথা গম পোৱা যায়। আহোম সাম্ৰাজ্যত আহোম আৰু অসমীয়া ভাষাত "বুৰঞ্জী" নামেৰে ৰাজনৈতিক ঘটনাৱলী লিপিবদ্ধ কৰা হৈছিল। সম্ভৱ প্ৰথম বুৰঞ্জী ১২২৮ খৃঃত প্ৰথম আহোম ৰজা স্বৰ্গদেউ চুকাফাই আহোম ৰাজত্ব আৰম্ভ কৰাৰ সময়তে তেওঁৰ নিৰ্দেশত প্ৰণয়ণ কৰা হৈছিল।[1] সেই সময়তে "লেখক বৰুৱা" নামৰ এটা পদৰ তত্ত্বাৱধায়ত এচাম পণ্ডিতৰ সহায়ত সেইসময়ৰ ঘটনাসমূহ, যুদ্ধৰ বৰ্ণনা, অন্য ৰজাৰ লগত যোগাযোগ, আইনী ব্যৱস্থা আদি লিখি ৰখা হৈছিল। ইয়াৰ উপৰিও ৰজাৰ দিনৰ ভাষা, সংস্কৃতি, সমাজ ব্যৱস্থা আৰু ৰজাৰ দিনত কৰা যিকোনো কাম লিখি ৰখা হৈছিল।