অসমীয়া ভাষা আন্দোলন
সামাজিক আন্দোলন / From Wikipedia, the free encyclopedia
অসমীয়া ভাষা আন্দোলন (ইংৰাজী: ) অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ সময়ে সময়ে সংঘটিত হোৱা সামাজিক তথা ৰাজনৈতিক আন্দোলন। কাৰ্যালয়সমূহত চৰকাৰী ভাষা হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ ১৯ শতিকাৰ পৰাই সংঘৰ্ষৰ সূচনা হৈছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছ অধীনলৈ যোৱাৰ পৰৱৰ্তী কালত প্ৰশাসনিক সুবিধাৰ বাবে বহুতো বঙালীভাষী লোক অসমলৈ আনিছিল। তেওঁলোকৰ প্ৰৰোচনাতে অসমৰ কাৰ্যালয় আৰু ন্যায়ালয় সমূহত বঙালী ভাষা চৰকাৰী ভাষা হিচাপে ব্যৱহৃত হৈছিল। কিন্তু অসমৰ ৰাইজ আৰু আমেৰিকান ব্যাপ্টিষ্ট মিছনেৰীসকলৰ প্ৰচেষ্টাত পুনৰাই অসমত অসমীয়া ভাষা প্ৰতিষ্ঠিত হৈছিল।
ভাৰতৰ স্বাধীনতাৰ পিছত ১৯৫২ চনৰ পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি আৰু অসমৰ শৈক্ষিক প্ৰতিষ্ঠান শিক্ষণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ বাবে এক আন্দোলনৰ সূচনা হৈছিল। ভাষিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ’ৰাজ্য পুনৰ গঠন আইন, ১৯৫৬’ বলৱৎ হোৱাত এই আন্দোলনে আৰু বল পায়। ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য গঠন হোৱা দেখি অসম সাহিত্য সভায়ে অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ দাবী জনায়। এই আন্দোলনত বহুতো ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে। এই আন্দোলনতে ১৯৬০ চনৰ ৪ জুলাইৰ দিনা ৰঞ্জিত বৰপূজাৰী কটন কলেজৰ নিজ হোষ্টেলৰ ১১৩ নম্বৰ ৰুমৰ সন্মুখতে পুলিচৰ নিৰ্বিচাৰ গুলিত মৃত্যু বৰণ কৰিছিল। তেওঁৰ লগতে বহুতে এই আন্দোলনত শ্বহীদ হৈছিল। ইয়াক ’ভাষা আন্দোলন’ বুলি অভিহিত কৰা হয় আৰু ৰঞ্জিত বৰপূজাৰীক ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে মান্যতা প্ৰদান কৰা হয়। এই আন্দোলনৰ ফলশ্ৰুতিত অসম চৰকাৰী ভাষা আইন, ১৯৬০ প্ৰণয়ন কৰা হয় আৰু অসমীয়া ভাষাক ইংৰাজী ভাষাৰ সৈতে অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।[1] চৰকাৰৰ এই সিদ্ধান্তক বহুতেই আদৰণি জনায় যদিও অসমৰ কিছুমান ঠাইত বিশেষকৈ বৰাক উপত্যকাত ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰা হয়। বৰাক উপত্যকাত বঙালী ভাষা আন্দোলন সংঘটিত হোৱাত অসম চৰকাৰী ভাষা আইন, ১৯৬০খন সংশোধন কৰা হয় আৰু ভাষিক সংখ্যালঘু সকলৰ ভাষাৰ অধিকাৰ ৰক্ষা কৰা হয়। ইয়াৰ লগে লগে বৰাক উপত্যকাৰ জিলাকেইখনত অতিৰিক্তভাৱে বঙালী ভাষা চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰে।[2][3]