অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
ৱিকিপিডিয়াৰ তালিকা / From Wikipedia, the free encyclopedia
অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা ২০২১ চনলৈ মুঠ ৬০ গৰাকী সাহিতিকে লাভ কৰিছে।[1] এই বঁটা প্ৰদান কৰে ১৯৫৪ চনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ভাৰতীয় সাহিত্যৰ উন্নয়ন কল্পে গঠন কৰা সাহিত্য অকাডেমি নামৰ অনুষ্ঠানটোৱে।[2] এই অনুষ্ঠানটোৱে ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমি বঁটা ১৩টা ভাষাৰ ১৩ গৰাকী সাহিত্যিকক প্ৰদান কৰিছিল। এই ১৩ গৰাকী সাহিত্যিকৰ ভিতৰত অসমীয়া ভাষাৰ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ নামো অন্তৰ্ভুক্ত হৈছিল। অসমীয়া ভাষাত ২০১৭ চনলৈ মুঠ ১৮ গৰাকী সাহিত্যকে উপন্যাসত, ১৩ গৰাকীয়ে কাব্যগ্ৰন্থত, ৯ গৰাকীয়ে চুটিগল্পত, ২ গৰাকীয়ে স্মৃতিকথা বিষয়ক গ্ৰন্থত, ১ গৰাকীয়ে জীৱনী গ্ৰন্থত আৰু ৭ গৰাকীয়ে সাহিত্য-সংস্কৃতি আদি বিষয়ক গ্ৰন্থত লাভ কৰে। ড॰ কৃষ্ণকান্ত সন্দিকৈ, স্নেহ দেৱী আৰু কবিন ফুকনক মৰণোত্তৰভাৱে অকাডেমি বঁটা প্ৰদান কৰা হয়। সাহিত্য অকাডেমিৰ অসমীয়া ভাষালৈ অনুবাদ কৰা গ্ৰন্থৰ বাবেও ১৯৯০ চনৰ পৰা সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰদান কৰি আহিছে।