অসমীয়া বৰ্ণমালা
অসমীয়া বৰ্ণমালা / From Wikipedia, the free encyclopedia
অসমীয়া বৰ্ণমালা অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰ পৰা কুটিল বা সিদ্ধমাতৃকা লিপি হৈ[3][4] নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা[5][6] বুলি মত পোষণ কৰে। ১৭ শতিকামানত অসমীয়া লিপিৰ তিনিটা শৈলী গঢ় লৈ উঠে (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি)[7][4] যি ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়। একে উৎসৰ পৰাই উদ্ভৱ হোৱা সামান্য পৰিৱৰ্তিত ৰূপৰ লিপি বঙালী ভাষা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা লিখিবলৈও ব্যৱহাৰ কৰা হয়। আধুনিক অসমীয়া লিপি বঙালী লিপিতকৈ তিনিটা আখৰত পৃথক (ৰ, ৱ আৰু ক্ষ)।[1]
এই প্ৰবন্ধত বিশেষজ্ঞৰ মনোযোগৰ প্ৰয়োজন আছে। পঢ়ুৱৈক সাৱধান কৰি দিয়া হ'ল যে বিশেষজ্ঞৰ মতামত নোলোৱাকৈ ইয়াত দিয়া তথ্য ব্যৱহাৰ কৰিলে তেওঁৰ হানি বিঘিনি হোৱাৰো সম্ভাৱনা আছে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাও চাওক। এই অনুৰোধ কোনো ৱিকিপ্ৰকল্পৰ লগত জড়িত কৰিবলৈ বিবেচনা কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য অসমীয়া, প্ৰকাৰ ...
অসমীয়া | |
---|---|
প্ৰকাৰ | আলফাচিলেবাৰী (ইং) |
ভাষা | অসমীয়া |
সময় | ১৩ শতিকাৰ পৰা বৰ্তমান কাললৈকে |
মাতৃ লিপি | |
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে। |
বন্ধ কৰক