অসমীয়া গীতি সাহিত্য
From Wikipedia, the free encyclopedia
মৌখিক সাহিত্যৰ সময়ছোৱাৰপৰাই অসমীয়া গীতি সাহিত্যৰ ইতিহাস আৰম্ভ হয়। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ আৰম্ভণিৰেপৰা ৮০০ শকাব্দলৈকে অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগটোক 'গীতি যুগ' বুলি উল্লেখ কৰিছে।[1] তেওঁ এই বুলিও কৈছে- অসমীয়া গীতি-সাহিত্যৰ যুগ বৈষ্ণৱী সাহিত্য আৰু প্ৰাক-বৈষ্ণৱী সাহিত্যৰ বহুত আগতে আৰু মন্ত্ৰ বা তান্ত্ৰিক সাহিত্যৰ কিছুদিন পিছতে।[2] অসমীয়া লোকগীতবোৰ গীতি সাহিত্যৰ প্ৰথম নিদৰ্শন। লোকগীতবোৰক তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। সেয়া হ'ল অনুষ্ঠানমূলক লোকগীত, আখ্যানমূলক লোকগীত আৰু বিবিধ বিষয়ক লোকগীত।[3] অনুষ্ঠানমূলক লোকগীতবোৰ হ'ল- বিহুগীত, আইনাম, বিয়ানাম আদি। আখ্যানমূলক লোকগীতবোৰ হ'ল- মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত, বাৰমাহী গীত, বৰফুকনৰ গীত আদি। বিবিধ বিষয়ক গীতবোৰৰ হ'ল- নিচুকণি গীত, গৰখীয়া গীত, নাও খেলোৱা গীত আদি। ইয়াৰোপৰি বনগীত হৈছে অনাখৰী লোকৰ সৃষ্টি, যি গীতি সাহিত্যৰ প্ৰথম স্তৰৰ নিদৰ্শন বহন কৰে।[4] শংকৰদেৱ, মাধৱদেৱৰ বৰগীত, ভটিমা, নাটকত ব্যৱহাৰ কৰা স্তুতি, ৰাগ আদিও গীতি সাহিত্যৰ প্ৰথমছোৱা সময়ৰ নিদৰ্শন। কীৰ্তন ঘোষা, নামঘোষাও গীতি সাহিত্যৰ প্ৰথম পৰ্বৰ নিদৰ্শন।[5]