ৱিকিপিডিয়া:ৱিকিমিডিয়াৰ সজাগতা সভা আৰু কৰ্মশালা ২০২৪, নগাঁও মহাবিদ্যালয়
From Wikipedia, the free encyclopedia
যোৱা ৩০ এপ্ৰিল, ২০২৪ত নগাঁও মহাবিদ্যালয়ত She Leads Capmpaignৰ অধীনত এখনি এদিনীয়া ৱিকি-সজাগতা সভা আৰু প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয়৷ কৰ্মশালাখনিত ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিউদ্ধৃতি আৰু ৱিকিকমন্সৰ বিষয়ে প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়া হয়৷ এই অনুষ্ঠানৰ আয়োজন কৰে সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান প্ৰণামিকা অধিকাৰীয়ে। প্ৰায় অৰ্দ্ধশতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে কৰ্মশালাখন সফলতাৰে সম্পন্ন হয়। সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান ৰুমী বৰা আৰু জ্যোতি চিৰিঙে কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশ লৈ অসমীয়া ৱিকিপিডিয়াৰ লগতে বিভিন্ন ভগ্নী প্ৰকল্প যেনে ৱিকিউৎস, ৱিকিউদ্ধৃতি আৰু ৱিকিকমন্সৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে।