লিথিয়াম
এবিধ ৰাসায়নিক মৌল। / From Wikipedia, the free encyclopedia
লিথিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "Li" পাৰমাণৱিক সংখ্যা ৩। ই এক কোমল, ৰূপালী-বগা ক্ষাৰধাতু। সাধাৰণ পৰিস্থিতিত, ই হৈছে আটাইতকৈ পাতল ধাতু আৰু আটাইতকৈ পাতল কঠিন উপাদান। লিথিয়াম অতি সক্ৰিয় আৰু জ্বলনশীল, আৰু সেয়ে খনিজ তেলত সংৰক্ষণ কৰিব লাগে। লিথিয়াম পৰমাণুৰ বৰ্হি কক্ষত ১টা ইলেক্ট্ৰন আছে। ই s গোষ্ঠীৰ মৌল।.