ভৰবেগ
From Wikipedia, the free encyclopedia
নিউটনীয় বলবিদ্যাত, ভৰবেগ বা ৰৈখিক ভৰবেগ হৈছে কোনো বস্তুৰ ভৰ আৰু বেগৰ গুণফল। এছ আই একক হৈছে কিল'গ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড। ইয়াৰ মাত্ৰা বলৰ ঘাতৰ সৈতে সমতুল্য। নিউটনৰ দ্বিতীয় সূত্ৰ অনুসৰি, কোনো বস্তুৰ সলনি হোৱা ভৰবেগ তাৰ ওপৰত কাৰ্যকৰী হোৱা বলৰ ঘাতৰ সমান। উদাহৰণস্বৰূপে, জোৰেৰে গতি কৰা গধুৰ ট্ৰাকগাড়ী এখনৰ ভৰবেগ বেছি আৰু সেইকাৰণে ট্ৰাকখন সিমান গতিত নিবলৈ যিমান বলৰ প্ৰয়োজন হ'ব, সিমানখিনি ট্ৰাকখন ৰখাবলৈও প্ৰয়োজন হ'ব। যদিহে ট্ৰাকখন কম গধুৰ হ'লহেতেন অথবা লাহেকৈ গতি কৰিলেহেতেন, তেন্তে সেইমতে কম বলৰ প্ৰয়োজন হব। বেগৰ দৰে ভৰবেগো এটা ভেক্টৰ ৰাশি, ইয়াৰ দিশ আৰু মান দুটাই আছে।
য'ত p হৈছে ভৰবেগ, v হৈছে বেগ আৰু m হৈছে ভৰ। ভৰবেগ এটা সংৰক্ষণশীল ৰাশি। যদি কোনো বন্ধ তন্ত্ৰ বাহিৰা বলৰ দ্বাৰা প্ৰভাৱিত নহয়(not affected), তেন্তে সৰ্বমুঠ ৰৈখিক ভৰবেগ সলনি নহয়। ধ্ৰুপদী বলবিজ্ঞানত, নিউটনৰ সূত্ৰৰ দ্বাৰা ৰৈখিক ভৰবেগৰ সংৰক্ষণশীলতাৰ কথা আহে। ভৰবেগ প্ৰসংগ প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে। বেলেগ বেলেগ প্ৰসংগ প্ৰণালীৰ কাৰণে দৰ্শকে ভৰবেগৰ বেলেগ বেলেগ মান পাব পাৰে। কিন্তু যদি দিয়া থাকে যে তন্ত্ৰটো পৃথক(isolated), তেতিয়া ৰৈখিক ভৰবেগৰ মান সময়ৰ সৈতে সলনি নোহোৱাটো দেখা পোৱা যাব।