জ' বাইডেন
From Wikipedia, the free encyclopedia
জ' বাইডেন (সম্পূৰ্ণ নাম: জ'ছেফ ৰবিনেট বাইডেন জুনিয়ৰ; ইংৰাজী: Joseph Robinette Biden Jr.; জন্ম: ২০ নৱেম্বৰ ১৯৪২) এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতিবিদ। তেওঁ ২০২০ চনৰ ৩ নৱেম্বৰৰ নিৰ্বাচনীত ৪৫তম ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক পৰাজিত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৬তম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।[1] আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পৰম্পৰা মতে নিৰ্বাচনীৰ পিছৰ বছৰৰ জানুৱাৰী মাহৰ ২০ তাৰিখতহে ৰাষ্ট্ৰপতি হিচাপে চাৰি বছৰৰ বাবে দায়িত্ব গ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেমক্ৰেটিক পাৰ্টিৰ এজন সদস্য বাইডেন ২০০৯ চনৰ ২০ জানুৱাৰীৰ পৰা ২০১৭ চনৰ ২০ জানুৱাৰীলৈ অ’বামা প্ৰশাসনৰ সময়ত ৪৭তম উপ-সভাপতি হিচাপে কাম কৰিছিল। তেওঁ ১৯৭৩ চনৰ পৰা ২০০৯ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেনেটত ডেলাৱেৰ ৰাজ্যৰ প্ৰতিনিধিত্ব কৰিছিল।