ৰোজা
ইছলাম ধৰ্মৰ পাঁচটা মূল ভিত্তিৰ তৃতীয় / From Wikipedia, the free encyclopedia
ৰোজা বা ৰোযা (ফাৰ্চী روزہ ৰুজ়ে), সাউম (আৰবী صوم স্বাউম্), বা ছিয়াম হ'ল ইছলাম ধৰ্মৰ পাঁচটা মূল ভিত্তিৰ তৃতীয়। ছুবহে ছাদেকৰ পৰা সূৰ্যাস্তলৈকে সকলো প্ৰকাৰৰ পানাহাৰ আৰু লগতে যাৱতীয় ভোগ-বিলাসৰ পৰা বিৰত থকাৰ নামেই হৈছে ছিয়াম। ইছলামী বিধান অনুসৰি, প্ৰতিজন সবল মুছলিমৰ বাবে ৰমাদ্বান মাহৰ প্ৰতিদিন ছিয়াম (ৰোজা) ৰখা ফৰজ (فرض ফ়াৰ্দ্ব) বা অৱশ্য পালনীয়।
■ ছিয়ামৰ অৰ্থ – ছিয়ামৰ শাব্দিক অৰ্থ হ'ল বিৰত থকা। ফাৰ্চী ভাষাত ইয়াক ৰোজা বোলা হয়।