গেছ
From Wikipedia, the free encyclopedia
গেছ বা গেছীয় অৱস্থা হৈছে পদাৰ্থৰ চাৰিটা মৌলিক অৱস্থাৰ ভিতৰত এটা (আন তিনিটা অৱস্থা হৈছে কঠিন, তৰল আৰু প্লাজমা)।[1]
এটা বিশুদ্ধ গেছ এটা পদাৰ্থৰ পৰমাণু (যেনে নিয়নৰ দৰে সম্ভ্ৰান্ত গেছ), এবিধ পৰমাণুৰ দ্বাৰা গঠিত মৌল (যেনে অক্সিজেন), বা বিভিন্ন পৰমাণুৰ দ্বাৰা যৌগ (যেনে কাৰ্বন ডাই অক্সাইড)ৰে গঠিত হ'ব পাৰে। বায়ুৰ দৰে গেছৰ মিশ্ৰণত বিভিন্ন ধৰণৰ বিশুদ্ধ গেছ থাকে। গেছক তৰল আৰু কঠিন পদাৰ্থৰ পৰা পৃথক কৰা পক্ৰিয়াটো হ’ল মৌলিক গেছীয় কণাবোৰৰ বিস্তৃত পৃথকীকৰণ। এই পৃথকীকৰণৰ ফলত সাধাৰণতে মানুহৰ বাবে অদৃশ্য এটা ৰংহীন গেছৰ উৎপন্ন কৰে।
পদাৰ্থৰ গেছীয় অৱস্থা তৰল আৰু প্লাজমা অৱস্থাৰ মাজত থাকে[2], ইয়াৰে প্লাজমা অৱস্থাই গেছৰ সৰ্বোচ্চ উষ্ণতাৰ সীমা নিৰ্ধাৰণ কৰে। উষ্ণতা ৰেখা তলৰ ফালে অৱক্ষয়ী কোৱাণ্টাম গেছবোৰ থাকে[3] আৰু এই গেছবোৰ ক্ৰমান্বয়ে অধ্যয়নৰ বিষয় হিচাপে গুৰুত্ব লাভ কৰি আহিছে।[4] অতি কম উষ্ণতালৈ অতি শীতল কৰা উচ্চ ঘনত্বৰ পাৰমাণৱিক গেছবোৰক পৰিসংখ্যাগত আচৰণ অনুসৰি ব’ছ গেছ বা ফাৰ্মি গেছ হিচাপে শ্ৰেণীভুক্ত কৰা হয়।