এৰিষ্ট'টল
গ্ৰীক দাৰ্শনিক / From Wikipedia, the free encyclopedia
এৰিষ্ট'টল (প্ৰাচীন গ্ৰীক: Ἀριστοτέλης [aristotélɛːs], Aristotélēs) (৩৮৪ খৃঃপূঃ- ৩২২ খৃঃপূঃ)[1] এগৰাকী গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ জন্ম ৩৮৪ খৃঃপূঃত গ্ৰীক দেশৰ এখন প্ৰাচীন নগৰ ষ্টেজাইৰাত হৈছিল। তেওঁৰ শৈশৱ অৱস্থাতে পিতৃ নিকোমাকাচৰ (Nicomachus) মৃত্যু হৈছিল। ফলস্বৰূপে তেওঁ এজন অভিভাৱকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। ১৮ বছৰ বয়সত এৰিষ্ট'টলে এথেঞ্চত অৱস্থিত প্লেটোৰ শিক্ষানুষ্ঠানত ভৰ্তি হৈছিল আৰু ৩৭ বছৰ বয়সলৈ তেওঁ তাত আছিল। তেওঁৰ ৰচনাই পদাৰ্থবিদ্যা, অধিবিদ্যা, কবিতা, নাট্যশাস্ত্ৰ, সঙ্গীত, তৰ্কশাস্ত্ৰ, ব্যাখ্যান শাস্ত্ৰ ভাষাতত্ত্ব,ৰাজনীতি বিজ্ঞান, চৰকাৰ, ন্যায়শাস্ত্ৰ, জীৱবিদ্যা, প্ৰাণীবিদ্যা আদি বিভিন্ন বিষয় সামৰি লৈছে। তেওঁৰ ৰচনাই পোন প্ৰথমবাৰৰ বাবে ন্যায়শাস্ত্ৰ, নন্দনতত্ত্ব, তৰ্কশাস্ত্ৰ, বিজ্ঞান, ৰাজনীতি আৰু অধিবিদ্যাক সাঙুৰি পশ্চিমীয়া দৰ্শনশাস্ত্ৰৰ সৰ্বাত্মক পদ্ধতি এটাৰ সৃষ্টি কৰিছিল। প্লেটোৰ মৃত্যুৰ পিছতে তেওঁ এথেঞ্চৰ পৰা আঁতৰি আহিছিল। মেচিডনীয়াৰ ৰজা ফিলিপ দ্বিতীয়ৰ অনুৰোধ মৰ্মে তেওঁ ৩৫৬ খৃঃপূঃৰ পৰা ৩২৩ খৃঃপূঃলৈ আলেকজেণ্ডাৰৰ গৃহ শিক্ষকতাৰ দায়িত্ব গ্ৰহণ কৰিছিল।
এৰিষ্ট'টলৰ মাৰ্বলৰ মূৰ্তি। ৩৩০ খ্ৰী:পূ: লিছিপ্পাছৰ মূল গ্ৰীক ব্ৰঞ্জৰ পৰা কৰা ৰোমান প্ৰতিলিপি। এলেবেষ্টাৰৰ আৱৰণটো আধুনিক। | |
সম্পূৰ্ণ নাম | এৰিষ্ট'টল |
---|---|
জন্ম | খ্ৰী:পূ: ৩৮৪ ষ্টেগিৰা, Chalcidice |
মৃত্যু | খ্ৰী:পূ: ৩২২(বয়স ৬২) Euboea |
যুগ | প্ৰাচীন দৰ্শন |
অঞ্চল | পাশ্চাত্য দৰ্শন |
ধাৰা | পৰিব্ৰাজক শিক্ষা এৰিষ্ট'টলবাদ |
আগ্ৰহ | পদাৰ্থবিজ্ঞান, অধিবিদ্যা, কবিতা, নাটক, সংগীত, বক্তৃতা, ৰাজনীতি, প্ৰশাসন, নীতি শিক্ষা, জীৱবিজ্ঞান, প্ৰাণীবিজ্ঞান |
উল্লেখযোগ্য কৰ্ম | Golden mean, এৰিষ্ট'টলীয় যুক্তিবিদ্যা, syllogism, hexis, hylomorphism, Aristotle's theory of soul |
প্ৰভাৱিত হয়
| |
প্ৰভাৱিত কৰে
|
আলেকজেণ্ডাৰৰ শিক্ষক হিচাবে এৰিষ্ট'টলে প্ৰসিদ্ধি লাভ কৰে। এই পদে তেওঁক অনেক যোগাৰ যন্ত্ৰ (ইং ৱিকিত থকামতে abundance of supplies) আৰু ৰাজকীয় সা-সুবিধাৰ অধিকাৰী কৰে। তেওঁ নিজে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনত শতাধিক কিতাপেৰে এক পুথিভঁৰালো মুকলি কৰিছিল। তেওঁৰ লিখনিসমূহে বহুতো বিষয়ত ধাৰণা প্ৰকাশ কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল- পদাৰ্থবিদ্যা, কাব্য সাহিত্য, নাট্য, গীত, ভাষাবিজ্ঞান (linguistics),ৰাজনীতি , চৰকাৰ, জীৱবিজ্ঞান ইত্যাদি। প্লেট'ৰ শিষ্য হোৱাৰ বাবে এৰিষ্টট'ল জীৱনৰ আগভাগত 'প্লেট'নিজম' ( Platonism) ভাৱাদৰ্শত বিশ্বাসী আছিল যদিও পিছলৈ তেওঁ প্ৰয়োগবাদ (empiricism ) ৰ বিশ্বাসী হৈ উঠে। .[2] এৰিষ্ট'টলৰ কৰ্মৰাজিয়েই আধুনিক বিশ্বৰ বহুতো বিষয়ৰ প্ৰথম ভেঁটি প্ৰতিষ্ঠা কৰি গৈছে। [3]
তেওঁৰ দৰ্শনৰ ধাৰণাসমূহ বৰ্তমান শিক্ষাৰ এক অপৰিহাৰ্য অংশ। যদিও তেওঁ অসংখ্য ধাৰণা লিখনি আকাৰে প্ৰকাশ কৰিছিল, তথ্য অনুসৰি তেওঁৰ প্ৰায়ভাগ লিখনিয়ে সংৰক্ষণ কৰা নহ’ল। বৰ্তমান এৰিষ্ট'টলৰ মূল কৰ্মৰ কেৱল এক তৃতীয়াংশহে সংৰক্ষিত হৈ থকা বুলি জনা যায়।[4][5]