ৱিকিপিডিয়া
ৱেব-ভিত্তিক বহুভাষিক বিশ্বকোষ / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো সাধাৰণভাৱে ৱিকিপিডিয়াৰ বিষয়ে। ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণৰ বিষয়ে জানিবৰ বাবে অসমীয়া ৱিকিপিডিয়া চাওক।
ৱিকিপিডিয়া (ইংৰাজী: Wikipedia) হৈছে অব্যৱসায়িক ৱিকিমিডিয়া ফাউণ্ডেছন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ। বিশ্বৰ প্ৰায় ৪.১ নিযুত স্বেচ্ছাসেৱকে সহযোগিতাৰে ইংৰাজী ৱিকিপিডিয়া প্ৰায় ৪.৩ মিলিয়ন প্ৰবন্ধ লিখি উলিয়াইছে। যিকোনো মানুহে প্ৰায় সকলো প্ৰবন্ধই সম্পাদনা কৰিব পাৰে আৰু ইয়াৰ প্ৰায় ১ লাখ সক্ৰিয় ব্যৱহাৰকাৰী আছে।[2] পৃথিৱীৰ কিছুমান ঠাইত ৱিকিপিডিয়া নিষেধ কৰা হৈছে।[3] জানুৱাৰী ২০১৩ লৈকে ২৮৫টা ভাষাত ৱিকিপিডিয়াৰ সংস্কৰণ আছে। বিশ্বজুৰি ৩৬৫ নিযুত পঢ়ুৱৈৰে আৰু এলেক্সাত সকলো ৱেবছাইটৰ ভিতৰত ষষ্ঠ স্থানেৰে[4][5] ই বিশ্বৰ সৰ্ববৃহৎ আৰু ইণ্টাৰনেটৰ সৰ্বাধিক জনপ্ৰিয় সাধাৰণ প্ৰসংগ কৰ্ম।[4][6][7][8]
ক্ষিপ্ৰ তথ্য ৱিকিপিডিয়া, ইউ আৰ এল ...
ৱিকিপিডিয়া | |
---|---|
soft2i ৱিকিপিডিয়াৰ প্ৰতীক, বিভিন্ন লিখন প্ৰণালীৰ গ্লিফ্ সম্বলিত এটা গোলক | |
ইউ আৰ এল | wikipedia |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নাই |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | ঐচ্ছিক (কিছুমান বিশেষ কাম যেনে সুৰক্ষিত পৃষ্ঠাৰ সম্পাদনা, পৃষ্ঠাৰ সৃষ্টি বা ফাইল আপল'ড কৰা আদিৰ বাবেহে প্ৰয়োজনীয়) |
ভাষা | ৩৩৬ টা সংস্কৰণ es-us |
বিষয়বস্তু অনুজ্ঞাপত্ৰ | Creative Commons Attribution/ Share-Alike 3.0 (বেছিভাগ পাঠ্যৰে GFDLৰো অন্তৰ্গত দ্বি-অনুজ্ঞাপত্ৰ আছে) মিডিয়া অনুজ্ঞাপত্ৰ ভিন্ন |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেছন (মুনাফাহীন) |
সৃষ্টিকৰ্তা | জিম্মী ৱেলছ, লেৰী ছেংগাৰ[1] |
অৱস্থান | মিয়ামি, ফ্ল'ৰিডা |
মুকলি | ১৫ জানুৱাৰী, ২০০১ |
বৰ্তমান স্থিতি | সক্ৰিয় |
বন্ধ কৰক