নাউৰু
ওচেনিয়াৰ এক ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ / From Wikipedia, the free encyclopedia
নাউৰু (আধিকাৰিক নাম: নাউৰু গণৰাজ্য; নাউৰুয়ান ভাষাত: Repubrikin Naoero, ৰিপুব্ৰিকিন নাওয়েৰো; ইংৰাজী ভাষাত: Republic of Nauru, ৰিপাব্লিক অফ নাউৰু) দক্ষিণ প্ৰশান্ত মহাসাগৰৰ মাইক্ৰ'নেছিয়া অঞ্চলৰ এক ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ নিকটতম দ্বীপ হ'ল ৩০০ কিলোমিটাৰ পূব দিশে অৱস্থিত কিৰিবাছৰ বানাবা দ্বীপ। নাউৰু মাটিকালি মাত্ৰ ২১ বৰ্গ কিলোমিটাৰ; ই ভেটিকান চিটি আৰু ম'ন'ক'ৰ পাছতে পৃথিৱীৰ তৃতীয় ক্ষুদ্ৰতম ৰাষ্ট্ৰ। ই পৃথিৱীৰ ক্ষুদ্ৰতম গণতন্ত্ৰ আৰু দ্বীপ ৰাষ্ট্ৰও; আৰু ইয়াৰ কোনো ৰাজধানী নাই।[2] জনসংখ্যাৰ ফালৰ পৰা জুলাই ২০১৬-ৰ তথ্য অনুসৰি ১১,৩৪৭জন লোকেৰে নাউৰু ভেটিকান চিটি আৰু টুভালুৰ পাছতে পৃথিৱীৰ তৃতীয় কম জনবহুল ৰাষ্ট্ৰ।
নাউৰু গণৰাজ্য Repubrikin Naoero (Nauruan)
|
||||||
---|---|---|---|---|---|---|
নীতিবাক্য "God's will first" "প্ৰথমে ভগবানৰ ইচ্ছা" |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত Nauru Bwiema "নাউৰু, আমাৰ গৃহভূমি" |
||||||
ৰাজধানী | নাই (de jure) য়াৰেন (de facto)[a] | |||||
বৃহত্তম নগৰ | ডেনিগ'ম'ডু | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | নাউৰুয়ান ভাষা ইংৰাজী ভাষা |
|||||
জনগোষ্ঠীসমূহ |
|
|||||
জাতীয়তাসূচক বিশেষণ | নাউৰুয়ান | |||||
চৰকাৰ | সংসদীয় গণতন্ত্ৰ | |||||
স্বাধীনতা | ||||||
- | প্ৰশাসনিক অঞ্চলৰ পৰা, (অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু যুক্তৰাজ্যৰ পৰা) | ৩১ জানুৱাৰী ১৯৬৮ | ||||
মাটিকালি | ||||||
- | মুঠ | ২১ বৰ্গ কিমি (১৯৩তম) ৮.১ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ০.৫৭ (০ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | অক্টোবৰ ২০১৮ লোকপিয়ল | ১১,২০০'"`UNIQ--ref-০০০০০০০০-QINU`"' (২৩৪th) | ||||
জিডিপি (পিপিপি) | ২০১৭ আনুমানিক | |||||
- | মুঠ | ১৬ কোটি ডলাৰ[1] (১৯২তম) | ||||
- | জনমুৰি | ১২,০৫২ ডলাৰ[1] (৯৪তম) | ||||
জিডিপি (নামমাত্ৰ) | ২০১৭ আনুমানিক | |||||
- | মুঠ | ১১.৪ কোটি ডলাৰ[1] | ||||
- | জনমুৰি | ৮,৫৭০ ডলাৰ[1] | ||||
মুদ্ৰা | অষ্ট্ৰেলিয়ান ডলাৰ (AUD ) |
|||||
সময় অঞ্চল | (ইউটিচি+১২) | |||||
গাড়ী চলোৱা হয় | বাওঁফালে | |||||
ইণ্টাৰনেট টিএলডি | .nr | |||||
কলিং ক'ড | +৬৭৪ |
নাউৰুৰ আদি বাসিন্দাসকল হৈছে মাইক্ৰ'নেছীয় আৰু পলিনেছীয় মূলৰ লোক। ঊনবিংশ শতিকাৰ শেষভাগত জাৰ্মানীয়ে ইয়াক দখল কৰে। প্ৰথম বিশ্বযুদ্ধৰ পাছত ই অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু যুক্তৰাজ্যৰ অধীনৰ এক লিগ অফ নেছন মেণ্ডেট বা প্ৰশাসনিক অঞ্চলত পৰিণত হয়। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময় জাপানে নাউৰু দখল কৰে। যুদ্ধৰ শেষত ই পুনৰ অধীনস্থ প্ৰশাসনিক অঞ্চল পৰিণত হয়, আৰু অৱশেষত ১৯৬৮ চনত পূৰ্ণ স্বাধীনতা লাভ কৰে।
নাউৰু এক ফছফেট-শিলাৰ দ্বীপ। পূৰ্বতে ইয়াত ফছফেট আহৰণৰ বাবে অত্যধিক খনন কাৰ্য চলিছিল আৰু এয়াই আছিল নাউৰুৰ অৰ্থনীতিৰ মূল উৎস। পিছে ২০১১ চনৰ তথ্য অনুসৰি দ্বীপটোত ফছফেটৰ পৰিমাণ প্ৰায় শেষ হৈ আহিছে আৰু ইয়াৰ খনন অৰ্থনৈতিক ভাবে লাভজনক হৈ ৰোৱা নাই।[3] এই ফছফেট আহৰণৰ ফলত নাউৰুৰ পৰিবেশত বিপৰ্যয়ৰ সূচনাও হৈছে, লগতে ফছফেটৰ খনন কম হৈ অহাৰ বাবে নাউৰু অৰ্থনৈতিক ভাবে দুৰ্বল হৈ পৰিছে। সেয়ে অৰ্থ উপাৰ্জনৰ বাবে নাউৰুৰ চৰকাৰে বিভিন্ন অপ্ৰচলিত পদ্ধতিৰ আশ্ৰয় লৈছে। যেনে, ১৯৯০ ৰ দশকৰ আৰম্ভণিৰ পৰা নাউৰু কলাধন বৈধ কৰাৰ কেন্দ্ৰত পৰিণত হয়।[4] ইয়াৰোপৰি বিদেশী বিনিয়োগক আকৰ্ষণৰ অৰ্থে নাউৰুত কৰৰ পৰিমাণ একেবাৰে নগণ্য কৰি দিয়া হৈছে।[4] নাউৰুৱে অষ্ট্ৰেলিয়া চৰকাৰৰ অনুদানো গ্ৰহণ কৰিছে। তাৰ বিনিময়ত নাউৰুক অষ্ট্ৰেলিয়াই ইয়াৰ ৰাজনৈতিক আশ্ৰয় প্ৰাৰ্থীবোৰৰ কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰে। অষ্ট্ৰেলিয়াৰ ওপৰত নাউৰুৰ অত্যধিক নিৰ্ভৰশীলতাৰ বাবে বহুতেই নাউৰুক অষ্ট্ৰেলিয়াৰ পৰোক্ষভাবে-অধীন ৰাষ্ট্ৰ (client state) ৰূপে গণ্য কৰে।[5][6][7]