ৱিকিপিডিয়া:ইতিবৃত্ত
From Wikipedia, the free encyclopedia
ৱিকিপিডিয়া (i/ˌwɪkɨˈpiːdi.ə/ বা i/ˌwɪkiˈpiːdi.ə/ wik-i-pee-dee-ə) হৈছে অব্যৱসায়িক ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ প্ৰকল্প।
অসমীয়া গণবিশ্বকোষ (Assamese Open Content Wikipedia) হৈছে ৱিকিপিডিয়া বৃহত্তৰ প্ৰকল্পৰ এক অংশ। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে পৃথিৱীৰ বিভিন্ন ভাষাত সকলোৱে বিনামূল্যে ব্যৱহাৰ কৰিব পৰা বিশ্বকোষ প্ৰস্তুত কৰা। মুক্ত উৎস চফ্টৱেৰ আৰু বিষয়-বস্তু আন্দোলন (open source software and content movement)ৰ ব্যাপক জনসমৰ্থন আৰু সুফলৰ এক উৎকৃষ্ট উদাহৰণস্বৰূপ এই গণবিশ্বকোষৰ ২০০১ চনত আৰম্ভ হোৱা ইংৰাজী সংকলনটোত বৰ্তমান প্ৰায় ৫ লাখতকৈও অধিক উৎকৃষ্ট মানৰ প্ৰবন্ধ আছে। ইয়াৰেই অনুকৰণ কৰি ভগ্নী প্ৰকল্প হিচাবে সৃষ্টি কৰা প্ৰায় শতাধিক পৃথিৱীৰ অন্যান্য বিভিন্ন ভাষাৰ সাৰ্বজনীন গণবিশ্বকোষ নিত্যবৰ্ধিত সংখ্যাইও এই প্ৰকল্পৰ কলেৱৰ বৃদ্ধিত অৰিহণা যোগাইছে।
ৱিকিপিডিয়া ইণ্টাৰনেটক কেন্দ্ৰ কৰি গঢ়ি উঠা এক মুক্ত জ্ঞানকোষ পৰিযোজনা । ই ৱিকি নামৰ এনে এটা ব্যৱস্থাৰে পৰিচালিত য’ত যি কোনো ব্যক্তিয়েই ইয়াৰ যিকোনো বিষয়কে সম্পাদনা কৰিব পাৰে ।ৱিকিপিডিয়া শব্দটো ৱিকি আৰু এনচাইক্ল’পিডিয়া (জ্ঞানকোষ) শব্দ দুটা মিলাই সৃষ্টি কৰা হৈছে । ৱিকিপিডিয়া এক বহুভাষিক প্ৰকল্প আৰু ই স্বেচ্ছাসেৱকৰ বৰঙনিৰে নিৰ্মিত ।ইণ্টাৰনেটৰ জৰিয়তে যিকোনো ব্যক্তিয়েই ইয়াত বৰঙণি আগবঢ়াব পাৰে আৰু সম্পাদনা কৰিব পাৰে । ৱিকিপেডিয়াৰ মূখ্য পৰিচালন কেন্দ্ৰ ফ্লৰিডাৰ টেম্পাত অৱস্থিত আৰু অতিৰিক্ত পৰিচালন কেন্দ্ৰ আমষ্টাৰডাম আৰু ছিউলত আছে ।
জ্ঞানকোষ নিউপিডিয়াৰ এক বৰ্ধিত প্ৰকল্প হিচাপে ইং ৫ জানুৱাৰী, চন ২০০১ ত ইয়াৰ আৰম্ভণি ঘটে। ৱিকিমেডিয়া ফাউণ্ডেচন নামৰ এক অলাভজনক সংস্থাৰ দ্বাৰা ই পৰিচালিত । ২০০৬ চনৰ মাজ ভাগলৈ ইয়াত মুঠ ৪৬ লাখতকৈও অধিক লিখনি আছিল আৰু কেৱল ইংৰাজী ভাষাতেই ১২ লাখতকৈ অধিক লিখনি আছিল। ই ২০০ তকৈও অধিক ভাষাত পৰিচালিত হৈ আছে আৰু ১৫টা ভাষাত ইতিমধ্যে ১৫ হাজাৰতকৈ অধিক লিখনি আছে । জাৰ্মান ভাষাত আনকি ইয়াৰ ডি.ভি.ডি. ও তৈয়াৰ আৰু বিতৰণ কৰা হৈছে । ৱিকিপেডিয়াৰ প্ৰতিষ্ঠাপক জিমি ৱেলচ্ৰ ভাষাত " বিশ্বৰ প্ৰতিজন ব্যক্তিৰ বাবে তেওঁলোকৰ নিজা নিজা ভাষাত এক বহুভাষিক, মুক্ত, সম্ভৱপৰ সকলোতকৈ অধিক গুণবিশিষ্ট এক বিশ্বকোষ তৈয়াৰ আৰু বিতৰণ কৰাৰ এক প্ৰয়াস ।"