ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান
কেলিফৰ্ণিয়াৰ উদ্যানসমূহৰ সহযোগিতামূলক গোট / From Wikipedia, the free encyclopedia
ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান (ইংৰাজী: Redwood National and State Parks) হৈছে উত্তৰ কেলিফৰ্ণিয়াৰ উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত কেইবাখনো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় উদ্যান সংযুক্ত হোৱা এক বিশাল উদ্যান। ৰেডউড ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হৈছিল ১৯৬৮ চনত। ই কেলিফৰ্ণিয়াৰ ডেল নৰ্ট উপকূল, জেদিয়াহ স্মিথ, আৰু প্ৰেৰী ক্ৰীক ৰেডউডচ ষ্টেট পাৰ্ক (১৯২০-ৰ দশকৰ) সৈতে, সংযুক্ত হৈ ১,৩৯,০০০ একৰ (৫৬০ বৰ্গকিমি)অঞ্চল আৱৰি আছে। এই গছবোৰ আটাইতকৈ ওখ, আটাইতকৈ পুৰণি, আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ গছৰ প্ৰজাতিবোৰৰ ভিতৰত পৰে। ৰেডউড অৰণ্যৰ উপৰিও, এই উদ্যানত অন্যান্য থলুৱা উদ্ভিদ, প্ৰাণী, ঘাঁহনি, সাংস্কৃতিক সম্পদ, নদী, আৰু ৩৭ মাইল (৬০ কিমি) সাগৰিয় উপকূল সংৰক্ষিত হৈ আছে।[2]
ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান | |||||||
---|---|---|---|---|---|---|---|
আই.ইউ.চি.এন শ্ৰেণী V (সুৰক্ষিত ভূ-দৃশ্য/নৌদৃশ্য) | |||||||
অৰণ্যত কুঁৱলী | |||||||
অৱস্থান | কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||||
নিকটতম চহৰ | ক্ৰেচেণ্ট চিটি | ||||||
মাটিকালি | ১,৩৮,৯৯৯ একৰ (56,251 হেক্টৰ) | ||||||
প্ৰতিস্থা | ২ অক্টোবৰ ১৯৬৮ | ||||||
পৰ্যটক | ৪,০৫,৭২২ (২০১৯ চনত)[1] | ||||||
কৰ্তৃপক্ষ | ৰাষ্ট্ৰীয় উদ্যান সেৱা আৰু কেলিফৰ্ণিয়া উদ্যান আৰু মনোৰঞ্জন বিভাগৰ দ্বাৰা সহ-পৰিচালিত | ||||||
ৱেবছাইট | ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান | ||||||
|
ৰেডউড উদ্যানত কেইবাটাও বিলুপ্তপ্ৰায় প্ৰাণীৰ প্ৰজাতি যেনে টাইডৱাটাৰ গবি, চিনুক চালমন, নৰ্দাৰ্ন স্পটেড দাগযুক্ত ফেঁচা, আৰু ষ্টেলাৰৰ সাগৰীয় সিংহ সংৰক্ষণ কৰা হয়।[3] ইয়াৰ উদ্যানসমূহত পোৱা বিৰল পৰিৱেশতন্ত্ৰ আৰু সাংস্কৃতিক ইতিহাসৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰসংঘই ইয়াক ১৯৮০ চনৰ ৫ ছেপ্টেম্বৰত বিশ্ব ঐতিহ্যবাহী স্থান আৰু ১৯৮৩ চনৰ ৩০ জুনত কেলিফৰ্ণিয়া কোষ্ট ৰেঞ্জছ ইণ্টাৰনেচনেল বায়োস্ফেয়াৰ ৰিজাৰ্ভৰ অংশ হিচাপে মনোনীত কৰে।[4][5]