ৰূপান্তৰকামিতা
From Wikipedia, the free encyclopedia
ৰূপান্তৰকামিতা (ইংৰাজী: transsexual) বুলিলে এক বিশেষ প্ৰৱণতাক বুজায় য’ত ‘জৈৱ লিংগ’ ব্যক্তিৰ লিংগ বা ‘সাংস্কৃতিক লিংগ’ৰ লগত প্ৰভেদ সৃষ্টি কৰে। ৰূপান্তৰকামী ব্যক্তিসকলে এনে ধৰণৰ এক যৌন পৰিচয়ৰ অভিজ্ঞতা লাভ কৰে যে ঐতিহ্যগতভাৱে তেওঁলোকৰ নিৰ্ধাৰিত যৌনতাৰ লগত স্থিতিশীল নহয় আৰু তেওঁলোকে নিজক স্থায়ীভাৱে সেই লিংগ পৰিৱৰ্তন কৰিবলৈ বিচাৰে। ৰূপান্তৰকামী মানুহে ল’ৰা (বাহ্যিক বৈশিষ্ট্য) হৈ জন্ম হোৱাৰ সত্ত্বেও মনমানসিকতাৰ ফালৰ পৰা নিজেক নাৰী বুলি ভাবে বা নাৰী হিচাপে জন্ম হ’লেও পুৰুষ সুলভ মনোভাৱ পোষণ কৰে। এওঁলোকৰ কিছুমানে বিপৰীত লিংগৰ পোছাক পৰিধান কৰে। ইয়াকে Transvestism বা Cross dress বোলা হয়। আন কিছুমানে Reassignment Surgery মাধ্যমত নিজৰ লিংগ সলনি কৰি ৰূপান্তৰিত মানৱত পৰিণত হয়। এই সকলেই ৰূপান্তৰিত লিংগ নামৰ বৃহৎ ৰূপান্তৰপ্ৰৱণ সম্প্ৰদায়ৰ (Transgender) অংশ হিচাপে বিবেচিত।[1] যদি কোনো ব্যক্তি তেওঁৰ নিৰ্ধাৰিত জৈৱিক যৌনতাক স্বীকৃত জীৱনযাপন কৰিবলৈ বিচাৰে অথবা যদি কোনো ব্যক্তি তেওঁৰ লিংগ পৰিচয়ৰ ফলস্বৰূপে সামাজিক দুৰ্ব্যৱহাৰ আৰু হতাশা অনুভৱ কৰে।[2] সেই ক্ষেত্ৰত তেওঁলোকৰ লিংগ হতাশাৰ (Gender Dysphoria) সমাধান হিচাপে চিকিৎসা বিজ্ঞানত এই সমস্যাক এক অসুস্থতা হিচাপে গ্ৰহণ কৰি ইয়াৰ বিশ্লেষণ আৰু সঠিক কাৰণ নিৰ্ণয় কৰা হয়।[3]