ৰুবিকৰ কিউব
From Wikipedia, the free encyclopedia
ৰুবিকৰ কিউব (ইংৰাজী: Rubik's Cube) হৈছে ঘনাকৃতিৰ এক যান্ত্ৰিক পাজল (puzzle)। ১৯৭৪ চনত[1][2] হাংগেৰীৰ ভাষ্কৰ্য্য আৰু স্থপতিবিদ্যাৰ অধ্যাপক এৰ্নো ৰুবিকে ইয়াক উদ্ভাৱন কৰে। আদিতে ইয়াক মেজিক কিউব হিচাপে জনা গৈছিল।[3] ৰুবিকে ১৯৮০ চনত Ideal Toy Corporation নামৰ কোম্পানীটোক ইয়াৰ বাণিজ্যিক উৎপাদন আৰু বিক্ৰীৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰে।[4] কোম্পানীটোৱে ইয়াৰ নাম ৰুবিকচ কিউব অৰ্থাৎ ৰুবিকৰ কিউব ৰাখিলে। সেই একেটা বৰ্ষত ই শ্ৰেষ্ঠ পাজলৰ German Game of The Yearৰ বিশেষ পুৰস্কাৰ পাবলৈ সক্ষম হয়। ২০০৯ চনলৈ প্ৰায় ৩৫০ মিলিয়ন[5][6] এই ঘনক বিক্ৰীৰে ই পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা পাজল খেল হিচাপে খ্যাতি লভিবলৈ সক্ষম হয়।[7][8]
ৰুবিকৰ কিউব | |
---|---|
অন্য নাম | মেজিক কিউব |
প্ৰকাৰ | Combination puzzle |
উদ্ভাৱক | এৰ্নো ৰুবিক |
কোম্পানী | Seven Towns, ltd |
দেশ | হাংগেৰী |
উপলব্ধতা | 1977 (as Hungarian Magic Cube); 1980 (as Rubik's Cube, worldwide)–present |
আধিকাৰিক ৱেবছাইট |
প্ৰতিটো ক্লাচিক ঘনকৰ ৬খন তলিৰ প্ৰত্যেখনকে ৯খন ষ্টিকাৰে আৱৰি ঠাকে। এই ষ্টিকাৰ সমূহত ৬টা ৰং থাকে- বগা, ৰঙা, নীলা, কমলা, সেউজীয়া আৰু হালধীয়া। বৰ্তমান উপলব্ধ মডেল সমূহত বগা হালধীয়াৰ বিপৰীতে, নীলা সেউজীয়াৰ বিপৰীতে আৰু কমলা ৰঙাৰ বিপৰীতে থাকে। আৰু এই ৰঙা, বগা আৰু নীলা ৰঙকেইটা তলিকেইখনত ঘড়ীৰ কাটাৰ ক্ৰমত থাকে।[9] আভ্যন্তৰীন যান্ত্ৰিক কাৰুকাৰ্য এনেকুৱা যে প্ৰতিখন তলিয়েই সুকীয়াকৈ ঘূৰিব পাৰে। ইয়াৰ ফলত ৰঙসমূহ সানমিহলি হৈ গৈ প্ৰতিখন তলিৰ ৰঙ ভিন্নৰঙী হৈ যায়। পাজলটো সমাধান কৰিবলৈ প্ৰতিখন তলিৰ ৰঙ একে কৰা দৰকাৰ।
যদিও ১৯৮০ৰ দশকত ই জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছিল, আজিও ই বহুল ভাৱে ব্যৱহৃত আৰু সমাদৃত হৈ আছে। ৱৰ্ল্ড কিউব এচ'চিয়েচনে (World Cube Association) ২০০৩ চনৰ পৰা এই পাজল সমাধান কৰা প্ৰতিযোগিতা আয়োযন কৰি আহিছে।