![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/0/04/Rihanna_5%252C_2012.jpg/640px-Rihanna_5%252C_2012.jpg&w=640&q=50)
ৰিয়ানা
বাৰ্বাৰিয়ান বাণীবন্ধন শিল্পী আৰু অভিনেত্ৰী / From Wikipedia, the free encyclopedia
ৰবিন ৰিয়ানা ফেণ্টী (pron.: /riˈɑːnə/ ree-ah-nə or /riˈænə/ ree-an-ə; জন্ম: ফেব্ৰুৱাৰী ২೦, ১৯৮৮ ) বা ৰিয়ানা এগৰাকী বাৰ্বাৰিয়ান বাণীবন্ধন শিল্পী আৰু অভিনেত্ৰী। ছেইণ্ট মাইকেল, বাৰ্বাদোচত জন্মগ্ৰহণ কৰা ৰিয়ানাই ২০০৩ চনত প্ৰযোজক ইভান ৰজাৰ্ছক লগ পোৱাৰ পিছত তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ১৬ বছৰ বয়সতে তেওঁ আমেৰিকালৈ উৰা মাৰে আৰু জেই জিৰ কাৰণে অডিশ্যন দিয়াৰ পিছত ডেফ জেম ৰেকৰ্ডিঙৰ লগত এক চুক্তিত স্বাক্ষৰ কৰে[1]।
ৰিয়ানা | |
---|---|
![]() ২০১২ চনৰ ১০ এপ্ৰিলত ছিডনীত বেটলশ্বিপৰ প্ৰীমিয়াৰত ৰিয়ানা | |
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | ৰবিন ৰিয়ানা ফেণ্টী |
জন্ম | ফেব্ৰুৱাৰী ২০ , ১৯৮৮ (৩৬ বছৰ) ছেইণ্ট মাইকেল,বাৰ্বাদোচ |
সংগীতৰ প্ৰকাৰ | পপ, আৰ এণ্ড বি, ডেন্সহল, ৰেগেজ, হিপ হপ,ডেন্স |
পেচা | সংগীত শিল্পী, অভিনেত্ৰী |
কাৰ্যকাল | ২০০৪–বৰ্তমানলৈ |
ৰেকৰ্ড লেবেল | ডেফ জেম, এচআৰপি |
সহযোগী | ক্ৰিছ ব্ৰাউন, ড্ৰেক, জেই জি, নি-য়ো, এমিনেম |
ৱেবছাইট | rihanna |
ৰিয়ানাৰ প্ৰথম এলবাম “মিউজিক অৱ দ্য চানে”(২০০৫), বিলবৰ্ড ২০০ত দশম স্থান দখল কৰে আৰু ইয়াৰ “পণ ডে ৰিলেই”য়ে বিলবৰ্ড হট ১০০ত পঞ্চম স্থান দখল কৰে। তেওঁৰ দ্বিতীয় এলবাম “এ গাৰ্ল লাইক মী(২০০৬)”য়ে আমেৰিকাত পঞ্চম স্থান দখল কৰে আৰু ইয়াৰ “এচ ও এচ” গীতটি হট ১০০ত প্ৰথম স্থান দখল কৰা তেওঁৰ প্ৰথম গীত হৈ পৰে। ৰিয়ানাৰ তৃতীয় এলবাম গুড গাৰ্ল গন বেড (২০০৭)ত তেওঁৰ বিশ্বজুৰি বিখ্যাত একক “আম্ব্ৰেলা”,”ড’ণ্ট ষ্টপ দ্য মিউজিক”,”টেক এ ব’”আৰু “ডিষ্টাৰ্বিয়া” সন্নিবিষ্ট হয়। এই এলবামটিয়ে নটা গ্ৰেমী বঁটাৰ মনোনয়ন লাভ কৰে আৰু “আম্ব্ৰেলা”ৰ বাবে “বেষ্ট ৰেপ/চাং ক’লাব’ৰেছন”বঁটা লাভ কৰে। তেওঁৰ চতুৰ্থ এলবাম ৰেটেড আৰ (২০০৯ )ত টপ টেন একক "ৰাছিয়ান ৰ’লেট”, "হাৰ্ড" আৰু “ৰুড বয়” সন্নিবিষ্ট” হয় যাৰ শেষৰটো বিলব’ৰ্ড হট ১০০ৰ প্ৰথম স্থান দখল কৰে। ৰিয়ানাৰ পঞ্চম এলবাম “লাউড” (২০১০)ত এক নম্বৰ স্থান দখল কৰা একক “ওনলী গাৰ্ল ইন দ্য ৱৰ্ল্ড”,”হোৱাট্চ মাই নেম?” আৰু “এচএণ্ডএম” সম্বলিত হয়। তেওঁৰ ষষ্ঠ এলবাম “টক ডেট টকে” গোটেই বিশ্বতে প্ৰথম স্থান দখল কৰা “ৱি ফাউণ্ড লাভ” আৰু শীৰ্ষ পাঁচটাৰ ভিতৰত থকা “হোৱেৰ হেভ য়ু বীন”ক সামৰি লয়। ৰিয়ানাৰ সপ্তম এলবাম “আনএপলজেটিক”ত বিলব’ৰ্ড হট ১০০ত ৰিয়ানাৰ দ্বাদশ প্ৰথম স্থান দখলকাৰী “ডাইমণ্ডছ” গীতটি আছে।
ৰিয়ানাৰ সংগীতে তেওঁলৈ বহুতো পুৰস্কাৰ লৈ আনে। তাৰ ভিতৰত আছে ৫টা গ্ৰেমী বঁটা, ৫টা আমেৰিকান মিউজিক এৱাৰ্ড, ১৮টা বিলব’ৰ্ড মিউজিক এৱাৰ্ড আৰু দুটা বিআৰআইটি এৱাৰ্ড। ২০১২ চনত ৰিয়ানাৰ লেবেল ডেফ জামে তেওঁক কেৰিয়াৰৰ আৰম্ভণিৰে পৰা বিশ্বজুৰি ২৫ মিলিয়ন ৰেকৰ্ড আৰু ৭৫ মিলিয়ন একক বিক্ৰীৰ বাবে পুৰষ্কৃত কৰে। আৰু এনেকৈয়ে ৰিয়ানা সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা শিল্পীৰ তালিকাৰ এজন হৈ পৰে[2]। ৰিয়ানাৰ সৰ্বমুঠ বাৰটা গীতে বিলব’ৰ্ডৰ হট ১০০ তালিকাত প্ৰথম স্থান দখল কৰে আৰু এই খিতাপ দখল কৰা সৰ্বকনিষ্ঠ একক শিল্পী হিচাপে পৰিগণিত হয়[3]। বিলব'ৰ্ডে ৰিয়ানাক ২০০০দশকৰ ডিজিটেল সংগীত শিল্পী আখ্যা দিয়ে[4][5]। মে’ ২০১১ ৰ পৰা মে’ ২০১২ লৈ 53 মিলিয়ন ডলাৰ উপাৰ্জনেৰে ফোৰ্বছে ২০১২ত ৰিয়ানাক ২০১২ চনৰ চতুৰ্থ সবাতোকৈ শক্তিশালী চেলিব্ৰেটী আখ্যা দিয়ে[6]। সেই বছৰতে টাইম আলোচনীয়ে ৰিয়ানাক পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী লোক সকলৰ এজন আখ্যা দিয়ে[7]।