ৰাষ্ট্ৰীয় চিকিৎসক দিৱস
From Wikipedia, the free encyclopedia
ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হৈছে ব্যক্তি তথা সমাজলৈ চিকিৎসক সকলৰ অৱদানক স্বীকৃতি প্ৰদান কৰি উদযাপন কৰা এক দিৱস বিশেষ। দিনটো চিহ্নিত কৰিবলৈ উদযাপিত স্মৰণীয় অনুষ্ঠানৰ তাৰিখটো ৰাষ্ট্ৰভেদে পৃথক হ'ব পাৰে। কিছুমান দেশত দিনটো বন্ধৰ দিন হিচাপে চিহ্নিত কৰা হয়, যদিও স্বাস্থ্যসেৱা উদ্যোগৰ ৰোগী আৰু হিতাধিকাৰীসকলে তথা স্বাস্থ্য সেৱা সংগঠনবোৰে উদযাপন কৰে।
ক্ষিপ্ৰ তথ্য ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, পালন কৰে ...
ৰাষ্ট্ৰীয় চিকিৎসক দিৱস | |
---|---|
ৰাষ্ট্ৰীয় চিকিৎসক দিৱস | |
পালন কৰে | বিভিন্ন দেশ |
প্ৰকাৰ | ৰাষ্ট্ৰীয় |
মহত্ব | ব্যক্তি তথা সমাজলৈ চিকিৎসক সকলৰ অৱদানৰ স্বীকৃতি স্বৰূপে |
তাৰিখ | দেশ ভেদে ভিন ভিন |
অৱধি | ১ দিন |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক
সমগ্ৰ ভাৰতত, চিকিৎসক তথা পশ্চিম বংগৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী, ড° বিধান চন্দ্ৰ ৰয়ক সন্মান জনোৱাৰ উদ্দেশ্যে ১ জুলাই তাৰিখে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয়।[1] ১৮৮২ চনৰ ১ জুলাইত তেওঁৰ জন্ম হৈছিল আৰু ১৯৬২ চনত ৮০ বছৰ বয়সত একেটা তাৰিখতে তেওঁৰ মৃত্যু হয়।