ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস
From Wikipedia, the free encyclopedia
ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস (ইংৰাজী : National Girl Child Day) হৈছে ভাৰতবৰ্ষত প্ৰত্যেক বছৰে ২৪ জানুৱাৰীত পালন কৰা এটা ৰাষ্ট্ৰীয় দিৱস। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ভাৰতীয় সমাজত নাৰীৰ প্ৰতি থকা ভেদাভেদ আৰু লিংগ বৈষম্য বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে এই দিৱসটো আৰম্ভ কৰিছিল।[1] “বেটি বচাও, বেটি পঢ়াও”, শিশু যৌন অনুপাতকে ধৰি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আৰু মহিলাসকলৰ বাবে এক সুস্থ আৰু সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাৰ বাবে সজাগতা অভিযানৰ জৰিয়তে এই দিৱস উদযাপন কৰা হয়। সমগ্ৰ দেশতে লিংগ সজাগতা শিবিৰ আৰু আলোচনা চক্ৰৰ আয়োজন কৰা হয়, য'ত কন্যা শিশুৰ বাবে এক সুস্থ আৰু সুৰক্ষিত পৰিৱেশ প্ৰদানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয় আৰু চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ উপস্থাপন কৰা হয়।[2][3][4][5] ২০১৯ চনত “উজ্জ্বল ভৱিষ্যতৰ বাবে মহিলাৰ সবলীকৰণ” ('Empowering Girls for a Brighter Tomorrow') বিষয়ক লৈ এই দিৱস পালন কৰা হৈছিল।[6][3]
ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস | |
---|---|
নতুন দিল্লীত “ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস”ৰ দিনপঞ্জী উন্মোচন | |
সম্পূৰ্ণ নাম | ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস |
পালন কৰে | ভাৰত |
প্ৰকাৰ | ৰাষ্ট্ৰীয় |
মহত্ব | শিক্ষা, পুষ্টি, বাল্য বিবাহ, অধিকাৰ, আৰু স্বাস্থ্য, সুৰক্ষা, সন্মান ইত্যাদি বিষয়ত ভাৰতৰ কন্যা শিশুয়ে সন্মুখীন হোৱা সমস্যা সম্পৰ্কে সজাগতা সৃষ্টি। |
তাৰিখ | ২৪ জানুৱাৰী |
সংঘটন | বাৰ্ষিক |