ৰাধিকা আপ্টে
মঞ্চাভিনেত্ৰী / From Wikipedia, the free encyclopedia
ৰাধিকা আপ্টে (ইংৰাজী: Radhika Apte; জন্ম ৭ ছেপ্টেম্বৰ ১৯৮৫) হৈছে এগৰাকী ভাৰতীয় মঞ্চাভিনেত্ৰী আৰু চলচ্চিত্ৰৰ শিল্পী।[2] তামিলনাডুৰ ভেলোৰত জন্মলাভ কৰা ৰাধিকা ডাঙৰ-দীঘল হৈছিল পুণেত। চিনেমাজগতত পদাৰ্পণ কৰাৰ পূৰ্বে তেখেতে নাটকৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল। বলিউডৰ ফেণ্টাচি ছবি 'ৱাহ! লাইফ হ' ট' এইছি'ৰ (২০০৫) জৰিয়তে তেখেতে হিন্দীৰ ছবিজগতত খোজ পেলায়। তাৰ পিছৰে পৰা তেখেতে মাৰাঠী, তেলেগু, মালায়ালম, বঙালী আৰু ইংৰাজী ভাষাৰ বিভিন্ন চলচ্চিত্ৰত অভিনয় কৰিছে। ২০০৯ চনত এখন সামাজিক কাহিনীৰ বঙালী ছবি 'অন্তহীন'ৰ জৰিয়তে ৰাধিকা আপ্টেই পোনপ্ৰথমবাৰৰ বাবে ছবিৰ নায়িকা হিচাপে ভূমুকি মাৰিছিল। ২০১৫ চনত নিৰ্মিত হিন্দী ছবি 'বদলাপুৰ', 'হাণ্টাৰ' আৰু 'মাঝী – দ্য মাউণ্টেন মেন'ত কৰা অভিনয়ৰ বাবে তেখেতে ভূয়সী প্ৰশংসা আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। ২০১৬ৰ ছবি 'ফ'বিয়া' আৰু 'পাৰ্ছড'ত কৰা অভিনয়ৰ বাবেও তেখেতে যথাযোগ্য স্বীকৃতি লাভ কৰে।[3][4][5]
ৰাধিকা আপ্টে | |
---|---|
২০১৮ চনত ৰাধিকা আপ্টে | |
জন্ম | ৰাধিকা আপ্টে ৭ ছেপ্টেম্বৰ, ১৯৮৫ (৩৮ বছৰ) ভেলোৰ, তামিলনাডু, ভাৰত |
বাসগৃহ | ভাৰত[1] |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | ফাৰ্গুছন কলেজ, পুণে |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০০৩–বৰ্তমানলৈকে |
দাম্পত্যসঙ্গী | বেনেডিক্ট টেইলৰ, ২০১২ |
২০১৮ চনত ৰাধিকা আপ্টেই বহুল জনপ্ৰিয় ভিডিঅ' আৰু ছবি ষ্ট্ৰিমিং ৱেবছাইট 'নেটফ্লিক্স'ত তিনিটা বিশেষ প্ৰযোজনাত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। সেইকেইটা হ'ল: চাৰিজন পৰিচালকৰ চাৰিটা কাহিনীৰে সমৃদ্ধ 'লাষ্ট ষ্টৰিছ', থ্ৰিলাৰধৰ্মী ছিৰিজ 'ছেক্ৰেড গেইমছ্', আৰু ভৌতিকধৰ্মী মিনি-চিৰিজ 'ঘাউল'।[6][7] 'লাষ্ট ষ্টৰিজ'ত কৰা অভিনয়ৰ বাবে তেখেতে 'আন্তঃৰাষ্ট্ৰীয় এমি বঁটা'ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনয়ন লাভ কৰে।[8]
২০১৮ চনত নিৰ্মাণ হোৱা শ্ৰীৰাম ৰাঘাৱনৰ ব্লেক থ্ৰিলাৰ কমেডি 'অন্ধাধুন'ত ৰাধিকা আপ্তেই 'ছফি'ৰ চৰিত্ৰত এক স্মৰণীয় অভিনয় কৰে। এইখন ছবিক বহুতো সমালোচকে বছৰটোৰ শ্ৰেষ্ঠ ছবি হিচাপে আখ্যায়িত কৰে।[9][10]