ৰাজা ৰবি বৰ্মা
From Wikipedia, the free encyclopedia
ৰাজা ৰবি বৰ্মা[1] (২৯ এপ্ৰিল, ১৮৪৮- ২ অক্টোবৰ, ১৯০৬) ভাৰতৰ ট্ৰেভানক'ৰ (Travancore) নামৰ দেশীয় ৰাজ্য(princely state) (বৰ্তমান দক্ষিণ কেৰালা আৰু তামিলনাডুৰ কিছু অংশ) এখনৰ এজন বিখ্যাত চিত্ৰশিল্পী আৰু কলাকাৰ আছিল। মহাভাৰত আৰু ৰামায়ণ মহাকাব্য দুখনকে ধৰি ভাৰতীয় সংস্কৃতি আৰু পৌৰাণিক কথা বিষয়ৰ চিত্ৰকৰ্মবোৰৰ বাবে তেওঁ খ্যাতি লভিবলৈ সক্ষম হৈছিল। ভাৰতীয় কলাৰ ইতিহাসত তেওঁক এজন অন্যতম মহান চিত্ৰশিল্পী হিচাপে গণ্য কৰা হয়। তেওঁৰ চিত্ৰকৰ্মবোৰক ভাৰতীয় পৰম্পৰা আৰু ইউৰোপীয় (একাডেমিক আৰ্টৰ) ৰীতিৰ সংমিশ্ৰণৰ শ্ৰেষ্ঠ উদাহৰণ হিচাপে স্বীকৃতি দিয়া হয়। বৰ্মাৰ চিত্ৰকৰ্মবোৰত শাৰী পৰিহিত নাৰীক এক সৌষ্ঠৱপূৰ্ণ ৰূপত অংকিত কৰা হৈছিল আৰু ই সেইসময়ৰ এক ধাৰালৈ পৰিণত হৈছিল যিবোৰৰ প্ৰতিলিপি বহু ঘৰত দেখিবলৈ পোৱা যায়।[2]
ক্ষিপ্ৰ তথ্য ৰাজা ৰবি বৰ্মা, জন্ম ...
ৰাজা ৰবি বৰ্মা | |
---|---|
জন্ম | ২৯ এপ্ৰিল, ১৮৪৮ কিলিমানুৰ, ট্ৰেভানক'ৰ |
মৃত্যু | ২ অক্টোবৰ, ১৯০৬ (aged 58) আত্তিঙ্গল, ট্ৰেভানক'ৰ, ব্ৰিটিছ ভাৰত |
পেচা | চিত্ৰশিল্পী, কলাকাৰ |
স্বাক্ষৰ | |
বন্ধ কৰক