ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
ভাৰতৰ অসম ৰাজ্যৰ এখন ৰাষ্ট্ৰীয় উদ্যান / From Wikipedia, the free encyclopedia
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Raimona National Park) হৈছে অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান। ২০২১ চনৰ ০৯ জুন তাৰিখে পূৰ্বৰ এই সংৰক্ষিত বনাঞ্চলখনক 'FRW.02/2021/27 dtd. 08th June, 2021' নম্বৰৰ এক ৰাজপত্ৰিত নিৰ্দেশনাৰ যোগেদি ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত।[1] ৰাষ্ট্ৰীয় উদ্যানখন ১১ বিধ বিভিন্ন বনৰ প্ৰকাৰ আৰু ইয়াৰ উপ-প্ৰকাৰেৰে চহকী জৈৱ বৈচিত্ৰ্যৰ বন এলেকা। ৰাইমনা সোণালী বান্দৰৰ বাবে বিখ্যাত।
ক্ষিপ্ৰ তথ্য ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান, অৱস্থান ...
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিমাঞ্চল | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | কোকৰাঝাৰ |
স্থানাংক | 26°39′35″N 89°58′34″E |
মাটিকালি | ৪২২ বৰ্গ কিলোমিটাৰ |
নিৰ্মান | ৯ জুন, ২০২১ |
কৰ্তৃপক্ষ | বন আৰু পৰিৱেশ মন্ত্ৰালয়, ভাৰত চৰকাৰ |
বন্ধ কৰক