ৰবীন্দ্ৰ পুৰস্কাৰ
From Wikipedia, the free encyclopedia
ৰবীন্দ্ৰ পুৰস্কাৰ বা ৰবীন্দ্ৰ স্মৃতি পুৰস্কাৰ হ'ল পশ্চিমবঙ্গৰ সৰ্বোচ্চ সন্মানীয় সাহিত্য পুৰস্কাৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে এই পুৰস্কাৰৰ নামকৰণ কৰা হৈছে। ১৯৫০ চনত পশ্চিমবংগ চৰকাৰে এই পুৰস্কাৰ প্ৰবৰ্তন কৰিছিল। বৰ্তমান পশ্চিমবংগ বাংলা একাডেমীয়ে এই পুৰস্কাৰ প্ৰদান কৰে। ১৯৫০ চনৰ পৰা ১৯৮২ চন পৰ্যন্ত এক বা একাধিক লেখকক কোনো এখন বিশেষ গ্ৰন্থ ৰচনাৰ স্বীকৃতি স্বৰূপে এই পুৰস্কাৰ দিয়া হয়। ২০০৪ তথা ২০০৫ চনত বিশেষ গ্ৰন্থ ৰচনা কৰা বাবে একাধিক লেখকক এই পুৰস্কাৰেৰে সন্মানিত কৰা হয়।