ৰবীন্দ্ৰনাথ ঠাকুৰ
কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক / From Wikipedia, the free encyclopedia
ৰবীন্দ্ৰনাথ ঠাকুৰ (ইংৰাজী: Rabindranath Tagore; ৭ মে', ১৮৬১–৭ আগষ্ট, ১৯৪১) বঙালী সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বঙালী সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাপে[1] ন'বেল বঁটা লাভ কৰে। তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰে বঙালী ভাষা আৰু সংস্কৃতি সমৃদ্ধ। বিশ্বৰ বঙালীভাষীসকলৰ মাজত তেওঁ বিশ্বকবি, কবিগুৰু আৰু গুৰুদেৱ নামেৰে প্ৰসিদ্ধ। তেওঁ বিশ্বফৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ জাতীয় সংগীত ৰচনা কৰিছে। বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোনাৰ বাংলা আৰু ভাৰতৰ জাতীয় সংগীত জন গণ মন দুয়োটাৰে ৰচয়িতাই ৰবীন্দ্ৰনাথ। বঙালী ভাষা-সাহিত্য, শিল্প কলা আৰু শিল্প চেতনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ হাতত নতুনকৈ নিৰ্মিত হৈছে বুলি কোৱা যায়।
ৰবীন্দ্ৰনাথ ঠাকুৰ | |
---|---|
১৯১৫ চনত কলিকতাত ৰবীন্দ্ৰনাথ ঠাকুৰ | |
জন্ম | ৭ মে', ১৮৬১ কলিকতা, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৭ আগষ্ট, ১৯৪১ (৮০ বছৰ) কলিকতা, ব্ৰিটিছ ভাৰত |
ছদ্মনাম | ভানুসিংহ |
পেচা | কবি, নাট্যকাৰ, দাৰ্শনিক, সংগীত নিৰ্মাতা, চিত্ৰকৰ, গল্পকাৰ |
সময় | বাংলাৰ পুনৰ্জাগৰণ |
প্ৰভাবিত কৰে
| |
স্বাক্ষৰ |
ব্ৰাহ্মণ সমাজৰ অন্তৰ্গত ৰবীন্দ্ৰনাথে তেওঁৰ জীৱনৰ প্ৰথম কবিতা লিখিছিল মাত্ৰ আঠ বছৰ বয়সত। ১৮৭৭ চনত মাত্ৰ ১৬ বছৰ বয়সতে তেওঁ প্ৰথম চুটিগল্প আৰু নাটক লিখে। ইয়াৰ আগেয়েই তেওঁ ভানুসিংহ ছদ্মনামেৰে কিছু কাব্য সৃষ্টি কৰিছিল। পাৰিবাৰিক শিক্ষা, শিলাইদহৰ জীৱন আৰু প্ৰচুৰ ভ্ৰমণ অভিজ্ঞতাই তেওঁক প্ৰথাবিৰুদ্ধ আৰু প্ৰয়োগবাদী হিচাপে গঢ়ি উঠাত সহায় কৰিছিল। তেওঁ ব্ৰিটিছ শাসনৰ প্ৰবল বিৰোধিতা কৰিছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বৰে পৰিচালিত ভাৰতীয় স্বাধীনতা আন্দোলনক সমৰ্থন কৰিছিল। তেওঁৰ সমগ্ৰ পৰিয়ালৰ বিলুপ্তি আৰু বঙ্গ-ভঙ্গৰ নিদৰ্শন তেওঁৰ সন্মুখতেই ঘটিছিল। এইফালৰ পৰা তেওঁৰ জীৱনটো দুখৰ বুলি ক’ব পাৰি। কিন্তু তেওঁৰ কবিতা, অন্যান্য সাহিত্য আৰু বিশ্বভাৰতীৰ প্ৰতিষ্ঠাই তেওঁৰ জীৱনক যি মহিমা প্ৰদান কৰিছে সেয়া আজীৱন স্মৰণীয় হৈ থাকিব।