ৰবাৰ্ট ফ্ৰ'ষ্ট
এজন আমেৰিকাৰ কবি / From Wikipedia, the free encyclopedia
ৰবাৰ্ট ফ্ৰ'ষ্ট (ইংৰাজী: Robert Frost; সম্পূৰ্ণ নাম: ৰবাৰ্ট লী ফ্ৰ'ষ্ট; Robert Lee Frost; জন্ম: ২৬ মাৰ্চ ১৮৭৪ – মৃত্যু: ২৯ জানুৱাৰী ১৯৬৩) এজন আমেৰিকাৰ কবি আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টে বাস্তৱিক গ্ৰাম্য জীৱন সমূহ তেওঁৰ ৰচনাৱলী সমূহত অংকন কৰিছিল আৰু তেওঁ আমেৰিকান কথিত ভাষা (American colloquial speech)-ত নৈপুণ আছিল। এইবোৰ কাৰণতেই তেওঁক উচ্চ শাৰীৰ ব্যক্তি সকলৰ মাজত এজন বুলি গণ্য কৰা হয়।[1] তেওঁৰ কৰ্মৰাজিৰ মূল বিষয়বস্তু বিংশ শতিকাৰ প্ৰথম ভাগৰ ইংলেণ্ডৰ গ্ৰাম্য অঞ্চল সমূহ আছিল। ইয়াৰ দ্বাৰাই তেওঁ জটিল সামাজিক দাৰ্শনিক আৰু বিষয়বস্তু সমূহ পৰীক্ষা কৰিছিল। সেই সময়ৰ এজন জনপ্ৰিয় আমেৰিকাৰ কবি হিচাপে পৰিচিত, ৰবাৰ্ট ফ্ৰ'ষ্টে কাব্য-চৰ্চাৰ বাবে তেওঁৰ জীৱনকালত চাৰিবাৰকৈ পুলিৎজাৰ বঁটাৰে সন্মানিত হৈছিল।
ক্ষিপ্ৰ তথ্য ৰবাৰ্ট লী ফ্ৰ'ষ্ট, জন্ম ...
ৰবাৰ্ট লী ফ্ৰ'ষ্ট | |
---|---|
ৰবাৰ্ট ফ্ৰ'ষ্ট(১৯৪১) | |
জন্ম | ৰবাৰ্ট লী ফ্ৰ'ষ্ট ২৬ মাৰ্চ, ১৮৭৪ ছান ফ্ৰান্সিস্ক', কেলিফ'ৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ২৯ জানুৱাৰী, ১৯৬৩ (৮৮ বছৰ) ব'ষ্টন (Boston), Massachusetts, আমেৰিকা যুক্তৰাষ্ট্ৰ |
পেচা | লেখক, নাট্যকাৰ |
উল্লেখনীয় কৰ্মৰাজি | 'A Boy's Will', 'North of Boston' |
প্ৰভাবিত হয়
| |
প্ৰভাবিত কৰে
| |
স্বাক্ষৰ |
বন্ধ কৰক