ৰক্তদল
From Wikipedia, the free encyclopedia
ৰক্তদল বা তেজৰ গ্ৰুপ (ইংৰাজী: blood group; /ব্লাড গ্ৰুপ/) তেজৰ এক শ্ৰেণীবিভাজন। লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত কিছুমান এণ্টিজেন আৰু প্লাজমাত কিছু এণ্টিবডিৰ উপস্থিতি-অনুপস্থিতিৰ ওপৰত ভিত্তি কৰি এই বিভাজন কৰা হয়। ৰক্তদল প্ৰণালী ভেদে এই এণ্টিজেন প্ৰ'টিন, কাৰ্ব'হাইড্ৰেট, গ্লাইক'প্ৰ'টিন বা গ্লাইক'লিপিড হ'ব পাৰে। ইয়াৰে কোনো কোনো এণ্টিজেন আন কলাৰ কোষতো থাকে। ৰক্ত কণিকাৰ পৃষ্ঠত থকা এনে কেইবাটাও এণ্টিজেন বংশানুক্ৰমে এটা এলিল (allele)ৰ পৰা উৎপন্ন হৈ এটা ৰক্তদল প্ৰণালী গঠন কৰে।[1] ৰক্তদলত পিতৃ-মাতৃ দুয়োজনৰ অৱদান থাকে। ইণ্টাৰনেচনেল ছ'ছাইটী অৱ ব্লাড ট্ৰান্সফিউজন ((ISBT) সংস্থাই এতিয়ালৈকে ৩৬টা মানৱ ৰক্তদল পদ্ধতি আৰু ৩৪৬টা এণ্টিজেন চিনাক্ত কৰিছে।[2] আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা ৰক্তদল প্ৰণালী হৈছে ABO আৰু Rh ৰক্তদল পদ্ধতি।