ৰকি পৰ্বতমালা
From Wikipedia, the free encyclopedia
ৰকি পৰ্বতমালা (ইংৰাজী: Rocky Mountains) হৈছে উত্তৰ আমেৰিকাত অৱস্থিত পৰ্বতশ্ৰেণীসমূহৰ ভিতৰত অন্যতম এক পৰ্বতমালা। ই ব্ৰিটিছ কলম্বিয়া,পশ্চিম কানাডাৰ পৰা নিউ মেক্সিক', দক্ষিণ-পশ্চিম আমেৰিকা যুক্তৰাষ্ট্ৰ লৈকে ৩০০০ মাইল পৰ্যন্ত বিস্তৃত হৈ আছে। ৰকি পৰ্বতমালাৰ পোনপ্ৰথমে সৃষ্টি হৈছিল ৫৫-৮০মিলিয়ন বছৰ পূ্ৰ্বে লাৰামাইড অ'ৰ'জেনি (Laramide Orogeny) ৰ কালত। এই সময়ছোৱাত উত্তৰ আমেৰিকা টেক্ট'নিক প্লেট ( North American plate)ৰ তলত থকা কেইবাখনো টেক্ট'নিক প্লেটৰ স্থানান্তৰ ঘটে। ইয়াৰ ফলত পশ্চিমৰ উত্তৰ আমেৰিকাত এক পৰ্বতমালাৰ সৃষ্টি হয়। পৰৱৰ্ত্তী কালত অন্যান্য টেক্ট'নিক পৰিৱৰ্ত্তন আৰু গ্লেচিয়াৰ সমূহৰ স্খলনৰ ফলত ৰকি পৰ্বতমালাৰ বিভিন্ন শৃংগ আৰু উপত্যকাৰ গঢ় লয়। অন্তিমটো হিমযুগ (ice age)ৰ পৰা ৰকি পৰ্বতমালালৈ মানুহৰ আগমণ ঘটে আৰু স্থায়ীভাবে বসবাস কৰিবলৈ লয়। ছাৰ আলেকজেণ্ডাৰ মেকেঞ্জি ( Alexander Mackenzie) ৰ দৰে ইউৰোপিয়ান সকলৰ পিছত বিভিন্ন আমেৰিকান অভিযান যেনে লিউৱিছ আৰু ক্লাৰ্ক অভিযান ( Lewis and Clark expedition) ৰ জৰিয়তে এই পৰ্বতমালাত অৱৰোহণ কৰে।
ৰকি পৰ্বতমালা | |
---|---|
the Rockies (en), les Rocheuses (fr), Montañas Rocosas, Rocallosas (es) | |
Moraine Lake, and the Valley of the Ten Peaks, Banff National Park, Alberta, Canada | |
উচ্চতম শিখৰ | |
শৃংগ | Mount Elbert (U.S.A.) |
উচ্চতা | 14,440 ফুট (4,400 মিটাৰ) |
স্থানাংকসমূহ | 39°07′03.90″N 106°26′43.29″W |
পৰিধি | |
দৈৰ্ঘ্য | 3,000 মাইল (4,800 km) |
ভূগোল | |
দেশসমূহ | Canada and United States |
States/Provinces | List
|
স্থানাংক প্ৰসাৰ | 43°44′N 110°48′W |
Parent range | North American Cordillera |
Geology | |
সময় | Precambrian and Cretaceous |
Type of rock | Igneous, Sedimentary and Metamorphic |
বৰ্তমান এই পৰ্বতমালাৰ সৰহ অংশই সমজুৱা উদ্যান বা সংৰক্ষিত বনাঞ্চলেৰে আবৃত। সেইবাবে ই পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণতো পৰিণত হৈছে।