ৰং
From Wikipedia, the free encyclopedia
ৰং হৈছে মানুহৰ দৃষ্টিয়ে পাৰ্থক্য কৰিব পৰা কিছুমান আলোক ধৰ্ম, এইবোৰ সাধাৰণতে ৰঙা, নীলা, হালধীয়া, সেউজীয়া আৰু আন আন ভাগত বিভক্ত। পোহৰৰ বৰ্ণালীসমূহেই হৈছে ৰঙৰ উৎস হৈছে (বৰ্ণালী হৈছে তৰংগদৈৰ্ঘ্য সাপেক্ষে পোহৰৰ বিতৰণ)। পোহৰ বৰ্ণালী সমূহ মানৱ চকুৰ আলোক সংবেদনশীল অংশত পৰিলে মানুহে বিভিন্ন ৰঙ সমূহ দেখা পায়। ৰঙৰ ভাগসমূহ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, এইবোৰ হৈছে, কোনো এটা বস্তুৰ পদাৰ্থগত ধৰ্ম, পোহৰৰ উৎস আদি। কোনো এটা বস্তুৰ ৰঙ বস্তুটোৰ অৱশোষণ, প্ৰতিফলন বা নিৰ্গমন বৰ্ণালীৰ ওপৰত নিৰ্ভৰ কৰে।
মানুহৰ চকুৰ ৰেটিনা অংশত থকা কিছুমান বিশেষ কোষ, পোহৰৰ বেলেগ বেলেগ অংশ (বেলেগ বেলেগ তৰংগদৈৰ্ঘ্য)ৰ প্ৰতি বেলেগ বেলেগ ধৰণেৰে সংবেদনশীল, এই সংবেদনশীলতাৰ ওপৰত ভিত্তি কৰি ৰঙ সমূহক ভাগ কৰিব পৰা যায়। অৱশ্যে এই ধাৰণাৰে ৰঙৰ সম্পূৰ্ণ শুদ্ধ শ্ৰেণী বিভাজন সম্ভৱ নহয়।
ৰঙৰ সৈতে জড়িত বিজ্ঞানক ক্ৰ’মেটিকচ,ক্ৰ’মেট’গ্ৰাফী,ক’ল’ৰিমিটি, বা সাধাৰণভাৱে ৰঙ বিজ্ঞান (ক’ল’ৰ চায়েন্স) বুলি কোৱা হয়। এই বিজ্ঞানে মানুহৰ চকু আৰু মগজুৱে পাৰ্থক্য কৰিব পৰা ৰঙবোৰ, বিভিন্ন পদাৰ্থত পোহৰৰ উৎসমূহ, বিভিন্ন কলাত ৰঙৰ তত্ত্ব আৰু বিদ্যুতচুম্বকীয় বিকিৰণ সমূহৰ দৃশ্যমান বৰ্ণালীৰ পদাৰ্থ বিজ্ঞান সম্পৰ্ক আলোচনা কৰে। (সাধাৰণ ভাষাত বিদ্যুতচুম্বক বিকিৰণ সমূহৰ দৃশ্যমান বৰ্ণালীকেই পোহৰ বোলা হয়। )