হেনৰিটা এডৱাৰ্ডছ
From Wikipedia, the free encyclopedia
হেনৰিটা মুইৰ এডৱাৰ্ডছ ( ইংৰাজী : Henrietta Muir Edwards ; ১৮ ডিচেম্বৰ ১৮৪৯ – ১০ নৱেম্বৰ ১৯৩১) আছিল এগৰাকী কানাডাৰ মহিলা অধিকাৰ কৰ্মী, লেখিকা আৰু সংস্কাৰক।[1] আইনৰ অধীনত মহিলাসকলক "ব্যক্তি" হিচাপে স্বীকৃতি দিয়াৰ বাবে আৰু নিৰ্বাচনত মহিলাগৰাকীৰ ভোটাধিকাৰৰ বাবে যুঁজ দিয়া এমিলি মাৰ্ফি, নেলী মেকক্লুং,লুইজ মেককিনি আৰু আইৰিন পাৰ্লবিৰ সৈতে তেওঁ "দ্য ফেমাছ ফাইভ"ৰ জ্যেষ্ঠ আছিল।
ক্ষিপ্ৰ তথ্য হেনৰিটা এডৱাৰ্ডছ, জন্ম ...
হেনৰিটা এডৱাৰ্ডছ | |
---|---|
জন্ম | হেনৰিটা লুইচ মুইৰ ১৮ ডিচেম্বৰ, ১৮৪৯ মণ্ট্ৰিয়েল, কানাডা ইষ্ট। |
মৃত্যু | ১০ নৱেম্বৰ, ১৯৩১ (৮১ বছৰ) ফ'ৰ্ট মেকলিয়ড, আলবাৰ্টা, কানাডা |
পেচা |
|
জনা যায় | মহিলা অধিকাৰ কৰ্মী |
দাম্পত্যসঙ্গী | অলিভাৰ চি এডৱাৰ্ডছ (বি. ১৮৭৬; মৃ. ১৯১৫) |
বন্ধ কৰক
মন্ট্ৰিয়েলত জন্মগ্ৰহণ কৰা হেনৰিটা লুইছ মুই,মণ্ট্ৰিয়েলৰ সংস্কৃতি আৰু ধৰ্মক মূল্য দিয়া উচ্চ মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। য'ত মহিলাক বাদ দিয়াটো গ্ৰহণযোগ্য আছিল তাত এডৱাৰ্ডছ পুৰণি পৰম্পৰাৰ প্ৰতি মোহভংগ হৈ পৰিছিল বহুতো ধৰ্মীয় সংগঠনত সক্ৰিয় হৈ পৰিছিল। [2]