হেইডি
From Wikipedia, the free encyclopedia
হেইডি (ইংৰাজী: Heidi) দুটা খণ্ডত প্ৰকাশিত এক ছুইজাৰলেণ্ড দেশীয় কল্প কাহিনী, প্ৰথম খণ্ড-হেইডিৰ শিক্ষণ আৰু ভ্ৰমণৰ কালছোৱা (ইংৰাজী: Heidi's years of learning and travel, জাৰ্মান: Heidis Lehr- und Wanderjahre) আৰু দ্বিতীয় খণ্ড-হেইডিয়ে যি শিকিলে তাক ব্যৱহাৰ কৰিলে (ইংৰাজী: Heidi makes use of what she has learned, জাৰ্মান: Heidi kann brauchen, was es gelernt hat)।[1] আল্প্ছ পৰ্বতীয় অঞ্চলত থকা ককাদেউতাকৰ তত্ত্বাৱধানত ডাঙৰ হোৱা হেইডি নামৰ কণমানি ছোৱালীজনীৰ জীৱনত ঘটা ঘটনাবোৰৰ ওপৰত এই উপন্যাসখন ৰচিত। ১৮৮০ চনত ছুইছ লেখিকা য়'হানা স্পাইৰিয়ে শিশু আৰু শিশুপ্ৰেমী সকলৰ বাবে (ইয়াৰ উপশীৰ্ষকৰ পৰা আহৰণ কৰা মতে) ইয়াক ৰচনা কৰে।
ক্ষিপ্ৰ তথ্য হেইডি, লেখক ...
হেইডি | |
---|---|
লেখক | য়'হানা স্পাইৰি |
দেশ | ছুইজাৰলেণ্ড |
ভাষা | জাৰ্মান |
প্ৰকাশ | ১৮৮০ |
বন্ধ কৰক
হেইডি সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা উপন্যাসসমূহৰ ভিতৰত এখন আৰু ছুইছ সাহিত্যৰ শ্ৰেষ্ঠ সাহিত্যকৰ্মসমূহৰ ভিতৰত অন্যতম।[2][3]