হিড়িম্ব
From Wikipedia, the free encyclopedia
হিড়িম্ব (সংস্কৃত: हिडिम्ब ) মহাভাৰতৰ পাতত হিড়িম্ব এজন মহাবলবান দৈত্য ৰজা।[1] তেওঁ হিড়িম্বীৰ ককায়েক তথা এখন অৰণ্যৰ অধিষ্ঠতা। কামাখ্যা অৰণ্যৰ দৈত্যসকলৰ তেওঁ ৰজা আছিল। তেওঁ আৰু তেওঁৰ ভগ্নী পাণ্ডৱৰ দৃষ্টিত প্ৰলুব্ধ হৈছিল তথা পাণ্ডৱৰ সৈতে যুদ্ধ কৰিব বিচাৰিছিল। এই উদ্দেশ্যে হিড়িম্বীয়ে এগৰাকী সুন্দৰ নাৰীৰ ৰূপ ধাৰণ কৰি পাণ্ডৱসকলক হিড়িম্বৰ ওচৰলৈ লৈ আনিছিল। হিড়িম্বই ভীমৰ সৈতে যুঁজ কৰি মৃত্যুক আঁকোৱালি লয়[2]।[3] হিড়িম্বীৰ ককায়েক হিচাপে তেওঁ ঘটোৎকচৰ খুৰাৱক আছিল। তেওঁ ১২ ফুট দৈৰ্ঘ্যৰ আছিল বুলি জনা যায়। লোকবিশ্বাস মতে হিড়িম্ব কামৰূপৰ আছিল আৰু ডিমাছাসকলে নিজকে দৈত্যৰাজ হিড়িম্বৰ বংশধৰ বুলি বিশ্বাস কৰে। তেওঁ হিড়িম্বেশ্বৰ বা হিড়িম্ব বুলিও জনা যায়। ভাসৰ এখন বিশেষ সংস্কৃত নাট 'মধ্যমা' (হিন্দী: मध्यमव्यायोग, ইংৰাজী: The Middle One)। এই নাটকত পিতা-পুত্ৰ ভীম আৰু ঘটোতকচৰ পুনৰ মিলনৰ বিষয়ে বৰ্ণিত হৈছে যি নেকি হিড়িম্বৰ মানৱ দেহেৰ আকাঙ্ক্ষাৰ অধীনত সঞ্চালিত। ইয়াৰ চৰিত্ৰসমূহ যদিওবা মহাভাৰতৰ পৰা সংগ্ৰহ কৰা, কাহিনীটো প্ৰকৃততে ভাসৰ কাল্পনিক সৃষ্টি।