হিজাব
From Wikipedia, the free encyclopedia
হিজাব (আৰবী: حجاب, ৰোমানীকৃত: ḥijāb, উচ্চাৰণ [ħɪˈdʒaːb]) হৈছে মুছলমান মহিলাই পৰিধান কৰা এবিধ পৰম্পৰাগত বস্ত্ৰ। এই বস্ত্ৰ মূৰৰ আৱৰণ হিচাপে পৰিধান কৰা হয়।[1][2] এই বস্ত্ৰৰ সৈতে পৰম্পৰাগত ইহুদী মহিলাসকলে পিন্ধা টিচেল (tichel) বা স্নোড (snood), কিছুমান খ্ৰীষ্টান মহিলাই পিন্ধা মেণ্টীলা (mantilla), এপষ্টলনিক (apostolnik) আৰু উইম্পল (wimple),[3][4] আৰু বহু হিন্দু আৰু শিখ মহিলাই পিন্ধা দুপাট্টাৰ সৈতে সাদৃশ্য আছে।[5][6][7] হিজাব বহু ৰূপত পোৱা যায় যদিও ই প্ৰায়ে বিশেষভাৱে মূৰত মেৰিয়াই চুলি, ডিঙি আৰু কাণ ঢাকি পৰিধান কৰা হয় আৰু হিজাব পিন্ধোতে মুখখন ঢাকি ৰখা নহয়।[8][9] ১৯৭০ চনৰ পৰাই বিশ্বজুৰি হিজাবৰ ব্যৱহাৰ বৃদ্ধি পাইছে আৰু বহু মুছলমানে ইয়াক পৰিধান কৰিলে “বিনয় আৰু বিশ্বাস প্ৰকাশ কৰা হয়” বুলি ভাবে; বহু মহিলাই সৌন্দৰ্যবৰ্ধনৰ বাবেও হিজাব পৰিধান কৰে।[8][10] মহিলাসকলে মূৰ ঢাকি ৰখাটো বাধ্যতামূলক নহয় যদিও অতি প্ৰয়োজনীয় আৰু অগ্ৰাধিকাৰ দিয়া উচিত বুলি ইছলামিক ধৰ্মীয় পণ্ডিতসকলে মত পোষণ কৰে।[11][12][13]
হিজাব শব্দটো প্ৰথমে বিভাজন বা পৰ্দাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু কেতিয়াবা ইছলামিক শালীনতাবোধৰ নীতিৰ বাবেও ব্যৱহাৰ কৰা হৈছিল।[8][14] কোৰানৰ আয়াতসমূহত এই শব্দটোৱে মুহাম্মাদৰ মূল ঘৰলৈ অহা দৰ্শনাৰ্থীসকল আৰু তেওঁৰ পত্নীসকলৰ বাসস্থানৰ মাজত থকা পৰ্দাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। সেইবাবে কিছুলোকে দাবী কৰে যে হিজাব সম্পৰ্কীয় কোৰানৰ আদেশ কেৱল মুহাম্মাদৰ পত্নীৰ ক্ষেত্ৰতহে প্ৰযোজ্য আছিল আৰু সকলো মহিলাৰ ক্ষেত্ৰত নহয়।[15][16] আন এক ব্যাখ্যামতে ৰাজহুৱা ক্ষেত্ৰত পুৰুষৰ পৰা নাৰীক পৃথক কৰা কাৰ্যক হিজাব বুলিব পাৰে, আনহাতে আধ্যাত্মিক দিশত হিজাব হৈছে “মানুহক বা জগতখনক ঈশ্বৰৰ পৰা পৃথক কৰা ওৰণি।”[17] কোৰানত কেতিয়াও হিজাব শব্দটো মহিলাৰ কাপোৰক বুজাবলৈ ব্যৱহাৰ কৰা হোৱা নাই, কিন্তু কিছুমান অংশত মহিলাৰ সাজ-পোছাকৰ বিষয়ে অন্যান্য শব্দ জিলবাব (jilbab) আৰু খিমাৰ (khimār) শব্দৰ ব্যৱহাৰ কৰা হৈছে।[18] কিছুমানৰমতে কোৰানত মূৰত লোৱা বস্ত্ৰখনৰ বাবে খিমাৰ (আৰবী: خِمار) শব্দটো ব্যৱহাৰ কৰা হৈছে।[8][19][14][20][21]
ওৰণি এখন কিমান প্ৰয়োজনীয় সেই সম্পৰ্কে সকলোৱে ভিন্ন মত পোষণ কৰে। কিছুমান আইনী ব্যৱস্থাই হিজাবক মুখ আৰু হাতৰ বাহিৰে সকলো ঢাকি ৰখাৰ আদেশ হিচাপে[22][17], আনহাতে আন কিছুমানে মুখ আৰু হাতকে ধৰি গোটেই শৰীৰটো ঢাকি ৰখাৰ আদেশ হিচাপে গ্ৰহণ কৰে।[23] কোৰানৰ পিছত বিকশিত হোৱা হাদীছ আৰু ফিকহৰ গ্ৰন্থসমূহত এই নিৰ্দেশনাসমূহ পোৱা যায়। কিছুমানে বিশ্বাস কৰে যে এই নীতিবোৰ কোৰানত হিজাবক উল্লেখ কৰা আয়াতসমূহৰ পৰা উদ্ভৱ হৈছে[24] আৰু আন কিছুমানৰ মতে কোৰানত মহিলাসকলে বাধ্যতামূলকভাবে হিজাব পিন্ধিব লাগিব বুলি কোনো নিৰ্দেশ দিয়া হোৱা নাই।[11][12] কিছুমান সংস্কাৰবাদী গোটে ইছলামত ওৰণি লোৱাৰ বিষয়টোক অতীতৰ চৰ্ত অনুসৰি দিয়া পৰামৰ্শ আৰু ইয়াক প্ৰয়োজনীয়তা বুলি ভবাটো ইছলামিক মতাদৰ্শৰ ওপৰত জাপি দিয়া হৈছে বুলি গণ্য কৰে।[11][12]
স্থানীয় আইন আৰু ৰীতি-নীতি অনুসৰি সমগ্ৰ বিশ্বতে ভিন ভিন ধৰণৰ ইছলামিক পৰ্দা প্ৰথা পোৱা যায়। বৰ্তমান ইৰাণ[25] আৰু আফগানিস্তানত তালিবান চৰকাৰে মহিলাসকলে হিজাব পিন্ধা বাধ্যতামূলক কৰিছে।[26] ২০১৮ চনৰ পৰা চৌদি আৰৱৰ আইনমতে হিজাব পিন্ধাৰ কোনো প্ৰয়োজন নাই।[27][28][29] ইউৰোপ আৰু মুছলমান বিশ্বৰ আন বহু দেশত[30] ৰাজহুৱাভাৱে বা কিছুমান বিশেষ স্থানত কিছুমান বা সকলো ধৰণৰ হিজাব নিষিদ্ধ কৰি আইন প্ৰণয়ন কৰা হৈছে।[31][32][33] আজিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলৰ ওপৰত হিজাব পৰিধান কৰা বা নকৰাৰ ক্ষেত্ৰত বেচৰকাৰী হেঁচা প্ৰয়োগ কৰা দেখা যায়।[32][33]