হিউমাছ
From Wikipedia, the free encyclopedia
হিউমাছ (ইংৰাজী: humus) এটা লেটিন শব্দ যাৰ অভিধানিক অৰ্থ হ’ল মাটি বা পৃথিৱী[1]। আনহাতে মাটিত থকা জৈৱ পদাৰ্থৰ ওপৰত কিছুমান অণুজীৱই ক্ৰিয়া কৰাৰ বাবে এইবোৰৰ ৰূপান্তৰ ঘটি এনে এটা অৱস্থা পায়গৈ যে আৰু পৰিৱৰ্তন সম্ভৱ নহয়। জৈৱ পদাৰ্থৰ এই ৰূপটোক মাটি বিজ্ঞানীসকলে ‘‘‘ হিউমাছ’’’ বুলি নামাকৰণ কৰিছে। বিজ্ঞানীসকলে এই জটিল ৰাসায়নিক পদাৰ্থবিধক এতিয়াও ভালদৰে বুজি নুঠাৰ বাবে ইয়াৰ কোনো সজ্ঞা নিৰুপণ কৰিব পৰা নাই। অৱশ্যে পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে ‘‘‘হিউমাছ’’’ হ’ল উদ্ভিদৰ পোষকদ্ৰব্যৰ আকৰ; মাটিত ‘‘‘হিউমাছ’’’ৰ পৰিমাণ বাঢ়িলে উৰ্বৰতা শক্তি বৃদ্ধি পায়। সেয়ে শস্যৰ উৎপাদন বঢ়াবলৈ মাটিত ‘‘‘হিউমাছ’’’ গঠন হোৱাত গুৰুত্ব দিয়া হয়।