স্বামী বিবেকানন্দ
ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য আৰু ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক / From Wikipedia, the free encyclopedia
স্বামী বিবেকানন্দ এগৰাকী ভাৰতীয় হিন্দু সন্ন্যাসী, দাৰ্শনিক, লেখক, ধৰ্মগুৰু আছিল। তেওঁৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰনাথ দত্ত।[2] তেওঁ ঊনবিংশ শতাব্দীৰ প্ৰসিদ্ধ হিন্দু ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য আৰু ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক আছিল।[3] স্বামী বিবেকানন্দই ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বেদান্ত আৰু যোগশাস্ত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।[3] ঊনবিংশ শতাব্দীৰ শেষভাগত হিন্দু ধৰ্মক বিশ্বজনীন ধৰ্মৰ স্তৰত উন্নীত কৰা তথা সৰ্বধৰ্মসমন্বয় চেতনাৰ বিস্তাৰত তেওঁৰ ভূমিকা অনস্বীকাৰ্য।[4] আধুনিক ভাৰতত হিন্দু পুনৰ্জাগৰণৰ প্ৰধান ব্যক্তিজন বিবেকানন্দই আছিল।[5] তেওঁৰ সৰ্বাধিক খ্যাতি ১৮৯৩ চনত বিশ্বধৰ্ম মহাসভাত[2] "আমেৰিকান ভাতৃ আৰু ভগ্নী"সকলৰ উদ্দেশ্যে প্ৰদত্ত[6][7] তেখেতৰ বিখ্যাত বক্তৃতাটোৰ মাধ্যমত প্ৰাশ্চাত্য সমাজত হিন্দুধৰ্মৰ পৰিচয় প্ৰদানত ব্যাপক ভূমিকা গ্ৰহণ কৰে।
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
স্বামী বিবেকানন্দ | |
---|---|
১৮৯৩ চনত স্বামী বিবেকানন্দ | |
জন্ম | ১২ জানুৱাৰী, ১৮৬৩ সোমবাৰ কলকাতা, বেংগল, ভাৰত |
মৃত্যু | ৪ জুলাই, ১৯০২ (৩৯ বছৰ) শুক্ৰবাৰ বেলুৰ মঠ, কলকাতা |
প্ৰকৃত নাম | নৰেন্দ্ৰনাথ দত্ত |
প্ৰতিষ্ঠাপক | ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিশ্যন |
গুৰু | ৰামকৃষ্ণ পৰমহংস |
দৰ্শন | বেদান্ত |
সাহিত্যিক কৰ্ম | ৰাজযোগ, কৰ্মযোগ, ভক্তিযোগ আৰু জ্ঞানযোগ |
উল্লেখযোগ্য শিষ্য(সকল) | স্বামী সদানন্দ, ভগ্নী নিবেদিতা |
প্ৰভাৱিত কৰিছে
| |
উক্তি | Come up, O lions, and shake off the delusion that you are sheep; you are souls immortal, spirits free, blest and eternal; ye are not matter, ye are not bodies; matter is your servant, not you the servant of matter.[1] |
স্বাক্ষৰ |
১৮৬৩ চনত কলকাতাৰ এক সম্ভ্ৰান্ত কায়স্থ পৰিয়ালত স্বামী বিবেকানন্দৰ জন্ম। তেওঁৰ চিন্তা-চেতনাৰ অন্যতম অনুপ্ৰেৰণা আছিল তেওঁৰ যুক্তিবাদী পিতা আৰু ধৰ্মপ্ৰাণা জননী। ল’ৰালি কালৰ পৰাই তেওঁৰ মাজত আধ্যাত্মপিপাসা আৰু গভীৰ ঈশ্বৰানুৰাগ পৰিলক্ষিত হয়। ঈশ্বৰক প্ৰত্যক্ষ কৰা এনে এক ব্যক্তিৰ সন্ধানত ওলাইয়ে তেওঁ ৰামকৃষ্ণৰ সান্নিধ্যলৈ আহে আৰু পাছলৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰে। গুৰু শ্ৰীৰামকৃষ্ণই তেওঁক অদ্বৈত বেদান্তৰ শিক্ষা দিয়ে। তেওঁৰ পৰাই বিবেকানন্দই শিকে যে সকলো ধৰ্মই সত্য আৰু মানুহৰ সেৱাই সৰ্বোৎকৃষ্ট ঈশ্বৰোপাসনা। গুৰুৰ মৃত্যুৰ পাছত সন্ন্যাস অবলম্বন কৰি তেওঁ সমগ্ৰ ভাৰতীয় উপমহাদেশ পদব্ৰজে ভ্ৰমণ কৰে। পৰৱৰ্তীকালত চিকাগো যাত্ৰা কৰি ১৮৯৩ চনৰ বিশ্বধৰ্ম মহাসভাত হিন্দুধৰ্মৰ প্ৰতিনিধিত্ব কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন ফ’ৰাম, বিশ্ববিদ্যালয় আৰু সংঘই তেওঁৰ বাগ্মীতাত মুগ্ধ হৈ বক্তৃতাদানৰ বাবে আমন্ত্ৰণ জনাইছিল। একাধিক সাধাৰণ আৰু ব্যক্তিগত সভাত ভাষণ দি তেওঁ আমেৰিকা, ইংল্যাণ্ডৰ লগতে আৰু কেইবাখনো দেশত বেদান্ত, যোগশাস্ত্ৰ আৰু হিন্দুধৰ্মক সুপৰিচিত কৰি তুলিলে। আমেৰিকা আৰু ইংল্যাণ্ডত তেওঁ স্থাপন কৰে বেদান্ত চচাইটি। ভাৰতলৈ প্ৰত্যাবৰ্তন কৰি ১৮৯৩ চনত ৰামকৃষ্ণ মঠ আৰু মিছন নামেৰে এটি মানৱকল্যাণমূলক আধ্যাত্মিক সংগঠন প্ৰতিষ্ঠা কৰে। স্বামী বিবেকানন্দ ভাৰতত অন্যতম জাতি-স্ৰষ্টাৰূপে পৰিগণিত হয়। তেওঁৰ শিক্ষাই মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, অৰবিন্দ ঘোষ, সৰ্বপল্লী ৰাধাকৃষ্ণন প্ৰমুখে একাধিক জাতীয় নেতা আৰু দাৰ্শনিকক প্ৰভাৱিত কৰিছিল।