স্তন কেন্সাৰ
From Wikipedia, the free encyclopedia
স্তন কেন্সাৰ (ইংৰাজী: Breast cancer) হৈছে স্তনৰ কোষকলাৰ পৰা বিকশিত হোৱা একপ্ৰকাৰৰ কৰ্কট ৰোগ।[5] স্তনৰ কৰ্কট ৰোগৰ লক্ষণবোৰৰ ভিতৰত প্ৰধানকৈ স্তনত পিণ্ডৰ সৃষ্টি হোৱা, স্তনৰ আকৃতিৰ পৰিৱৰ্তন, ছালৰ ডিম্পলিং, স্তনবৃন্তৰ পৰা তৰল নিৰ্গমন, অতিৰিক্ত ভাৱে নতুনকৈ ওলোৱা স্তনবৃন্ত, বা ছালৰ ৰঙাপৰা ইত্যাদি দেখা যায়।[1]
স্তন কেন্সাৰ | |
---|---|
স্তন কেন্সাৰৰ এক ব্যাখ্যাত্মক চিত্ৰণ | |
বিভাগ | অনক'লজি |
লক্ষণ | স্তনত পিণ্ডৰ সৃষ্টি হোৱা, স্তনৰ আকৃতিৰ পৰিৱৰ্তন, ছালৰ ডিম্পলিং, স্তনবৃন্তৰ পৰা তৰল নিৰ্গমন, অতিৰিক্ত ভাৱে নতুনকৈ ওলোটা স্তনবৃন্ত, বা ছালৰ ৰঙাপৰা ইত্যাদি[1] |
আশংকাৰ কাৰণ | স্ত্ৰী ভূমিকা, ব্যায়ামৰ অভাৱ, মাদক দ্ৰব্য, হৰমন মেদবহুলতা, হ'ৰমন প্ৰতিষ্ঠাপন, আয়নাইজিং বিকিৰণ, কম বয়সতে প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হোৱা, বেছি বয়সত বা পলমকৈ সন্তান জন্ম দিয়া বা সন্তান হীনতা, বৃদ্ধ বয়স, বংশত কোনো স্তন কৰ্কটৰোগী থকা, ক্লিনফেল্টাৰ চিণ্ড্ৰোম[1][2][3] |
ৰোগ নিৰূপণ | কলাৰ নিষ্কাষণ[1]মেম'গ্ৰাফি |
চিকিৎসা | শল্য চিকিৎসা, ৰেডিঅ' থেৰাপি, কেম' থেৰাপি, হ'ৰমনেল থেৰাপি বা অনক'লজি, টাৰ্গেটেড থেৰাপি[1] |
আৰোগ্য সম্ভাৱনা | পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ ≈৮৫% (আমেৰিকা যুক্তৰাষ্ট্ৰ) |
পুনৰাবৃত্তি | ২.২ মিলিয়ন (২০২০ বৰ্ষলৈকে)[4] |
মৃত্যু | ৬৮৫,০০০ (২০২০)[4] |
ৰোগবিধ স্তনৰ বহু অংশত বিয়পি পৰাৰ ফলত হাড়ৰ বিষ, লসীকা গ্ৰন্থি ফুলা, উশাহ চুটি হোৱা, ছাল হালধীয়া পৰাৰ দৰে পৰিঘটনা কিছুমান প্ৰত্যক্ষ হয়।[6]
এই ৰোগৰ বিপদাশংকাৰ মুখ্য কাৰকবোৰ হৈছে স্ত্ৰী ভূমিকা, মেদবহুলতা, শাৰীৰিক ব্যায়ামৰ অভাৱ, সুৰাপান, ৰজোনিবৃত্তিৰ সময়ত হৰমন প্ৰতিষ্ঠাপন থেৰাপী, আয়নীয় বিকিৰণ, কম বয়সতে প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হোৱা, বহু পলমকৈ অৰ্থাৎ বেছি বয়সত সন্তান জন্ম দিয়া বা সন্তানহীনতা, বৃদ্ধ বয়স, পৰিয়ালত স্তন কৰ্কটৰোগৰ ব্যক্তি থাকিলে বংশগত ভাৱে এই ৰোগ হোৱা।[1][2] বিআৰচিএ-১ আৰু বিআৰচিএ-২ ৰ লগতে এই ৰোগৰ প্ৰায় ৫-১০% ঘটনাই এজন ব্যক্তিৰ পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে হোৱা। [1]