সুমেৰু
From Wikipedia, the free encyclopedia
সুমেৰু বা উত্তৰ মেৰু (ইংৰাজী: North Pole) পৃথিৱীৰ সকলোতকৈ উত্তৰত অৱস্থিত বিন্দু (৯০° অক্ষাংশ)। ইয়াক ভৌগোলিক উত্তৰ মেৰু নামেৰেও জনা যায়। সুমেৰুৰ বিপৰীতে পৃথিৱীৰ দক্ষিণতম প্ৰান্ত কুমেৰু বা দক্ষিণ মেৰু অৱস্থিত। বৈজ্ঞানিক সংজ্ঞা অনুসৰি পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ যি বিন্দুত ইয়াৰ ঘূৰ্ণন অক্ষ পৃষ্ঠতলৰ সৈতে মিলিত হয় তাকে উত্তৰ মেৰু বোলা হয়।
অন্যহাতে সুমেৰু অঞ্চল বা আৰ্কটিক (ইংৰাজী: Arctic) পৃথিৱীৰ উত্তৰৰ অঞ্চলটিৰ নাম। ই সুমেৰুৰ আশপাশে থকা অঞ্চলসমূহেৰে গঠিত। ইংৰাজী আৰ্কটিক নামটি আহিছে গ্ৰীক শব্দ arktos-ৰ পৰা যাৰ অৰ্থ "ভালুক"। আকাশৰ উত্তৰ-পূৰ্ব কোণত দেখা পোৱা এটি তাৰকামণ্ডলৰ আকৃতি ভালুকৰ দৰে হোৱা বাবে এই নাম দিয়া হয়। বহু সময়ত সুমেৰু অঞ্চলৰ সীমা হিচাপে সুমেৰু বৃত্তক নিৰ্ধাৰণ কৰা হয়, যি বিষুৱ ৰেখাৰ পৰা ৬৬ ডিগ্ৰী ৩০ মিনিট উত্তৰে কল্পিত এডাল গাণিতিক ৰেখা। এই ৰেখাৰ উত্তৰৰ সকলো স্থানত বছৰৰ অন্তত এটা এনে সময় আহে যেতিয়া ২৪ ঘণ্টাৰ ভিতৰত সূৰ্য এবাৰো অস্ত নাযায়, একেদৰে ২৪ ঘণ্টাৰ ভিতৰত সূৰ্য এবাৰো উদিত নহয়। অৱশ্যে ইয়াৰ কোনো ভৌগোলিক চিহ্ন নাই, অৰ্থাৎ এই ৰেখা অতিক্ৰম কৰাৰ সময়ত কোনো তাৎক্ষণিক ভৌগোলিক পৰিৱৰ্তন লক্ষ্য কৰা নহয়।