সামুদ্ৰিক স্তন্যপায়ী প্ৰাণী
From Wikipedia, the free encyclopedia
সামুদ্ৰিক স্তন্যপায়ীসমূহ হৈছে জলজ স্তন্যপায়ী যি সমুদ্ৰত বাস কৰে আৰু সমুদ্ৰৰ উপৰত নিৰ্ভৰ কৰে জীয়াই থাকে। ইহঁতৰ ভিতৰত আছে ছীল, তিমি, বগা ভালুক বা ধ্ৰুৱীয় ভালুক, মানাতি (সামুদ্ৰিক গৰু), সমুদ্ৰৰ উট ইত্যাদি। এইবোৰ কোনো নিৰ্দিষ্ট গণ বা শ্ৰেণীৰ নহয়, বৰঞ্চ বিৰ্বতনৰ কাৰনে ইহঁতক একেই শ্ৰেণীত ধৰা হয় যিহেতু ইহঁতৰ কোনো পূৰ্বপুৰুষ নাই। ইহঁত সামুদ্ৰিক পৰিবেশৰ উপৰত নিৰ্ভৰশীলতাৰ বাবেও শ্ৰেণীবদ্ধ কৰা হয়।
প্ৰজাতিৰ উপৰত নিৰ্ভৰ কৰি সামুদ্ৰিক স্তন্যপায়ীৰ সামুদ্ৰিক বাসস্থান ভিন ভিন হয়।
মানুহে পূৰ্বে খাদ্য আৰু অন্যান্য কামৰ বাবে ইহঁতৰ চিকাৰ কৰিছিল। অনেক প্ৰজাতি বানিজ্যিক উদ্দেশ্য পূৰনেৰ লক্ষ্যবস্তু আছিল, যাৰ ফলত এই প্ৰজাতিৰ সংখ্যা দ্ৰুত হাৰত কমিবলৈ আৰম্ভ কৰিছিল। যেনে তিমি আৰু ছীলৰ প্ৰজাতিৰ সংখ্যা বহুত কমি গৈছিল। বানিজ্যিক উদ্দ্যেশ্যত চিকাৰ কৰাৰ ফলত ষ্টেলাৰ ছী কাও আৰু কেৰিবিয়ান মঙ্ক ছীল বৰ্তমান বিলুপ্ত হৈ গৈছে। বানিজ্যিক চিকাৰ বন্ধ হোৱাৰ পৰা কিছু প্ৰজাতি যেনে গ্ৰে তিমি, নৰ্দান এলিফেণ্ট ছীলৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে অন্য প্ৰজাতি যেনে নৰ্থ আটলাণ্টিক ৰাইট তিমি আশংকাজনক হাৰত বিপন্ন হৈ পৰিছে। চিকাৰৰ ওপৰিও মাছুৱৈৰ হাতত তিমি নিধন হয়, মাছুৱৈৰ জালত তিমি লাগি ডুবি যায় নাইবা খাবলৈ নাপাই শেষত মৃত্যু হয়। সমুদ্ৰত জাহাজৰ যাতায়াত বৃদ্ধি পোৱাত দ্ৰুতগামী জাহাজৰ সৈতে তিমিৰ অনেক সময়ত সংঘৰ্ষ হয়। বাস উপযোগী পৰিৱেশ কমি যোৱাত সিহঁতৰ খাদ্য বিচৰা আৰু ধৰা ব্যাহত হৈছে ফলত তিমিবোৰ ভাবুকিৰ সম্মুখিন হৈছে। শব্দ প্ৰদূষণৰ ফলত স্তন্যপায়ীৰ ইক'লোকেটিং ক্ষমতা হ্ৰাস পাইছে আৰু বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধি পোৱাত আৰ্কটিক অঞ্চলৰ পৰিৱেশো বিনষ্ট হৈছে।