সাক্ষৰতা
জ্ঞানৰ বাবে পঢ়া, সুসংগতভাৱে লিখা আৰু লিখিত শব্দটোৰ বিষয়ে সমালোচনামূলকভাৱে চিন্তা কৰাৰ সামৰ্ / From Wikipedia, the free encyclopedia
সাক্ষৰতা (ইংৰাজী: Literacy) বুলিলে সাধাৰণতে কমেও এটা পদ্ধতিত পঢ়া আৰু লিখাৰ সামৰ্থ্যক বুজা যায়; মূলসুঁতিৰ অভিধানসমূহতো এই অৰ্থই প্ৰতিফলিত হয়।[2][3][4] এই দৃষ্টিভংগীত নিৰক্ষৰতা বুলিলে পঢ়িবলৈ আৰু লিখিবলৈ অক্ষম বুলি গণ্য কৰা হয়।[5][6][7]
কিছুমান গৱেষকৰ মতে "সাক্ষৰতা" শব্দটো ঐতিহাসিকভাৱে দুটা সময়ত বিভক্ত কৰিব পাৰি। প্ৰথমটো হৈছে ১৯৫০ চনৰ আগৰ সময়, যেতিয়া সাক্ষৰতাক কেৱল বৰ্ণানুক্ৰমিক সাক্ষৰতা (alphabetical literacy; কেৱল শব্দ আৰু আখৰ চিনাক্তকৰণ) বুলি বুজা হৈছিল। দ্বিতীয়টো, ১৯৫০ চনৰ পিছৰ সময়ছোৱা, যেতিয়া সাক্ষৰতাক লাহে লাহে এক বহল ধাৰণা আৰু প্ৰক্ৰিয়া হিচাপে গণ্য কৰা আৰম্ভ হৈছিল যাক কাৰ্যকৰী সাক্ষৰতা (functional literacy) বোলা হয়।[8]
সাক্ষৰতাৰ পৰম্পৰাগত ধাৰণাটো এইদৰে বহলোৱা হৈছিল যেতিয়া ৰচনা অধ্যয়ন, শিক্ষা গৱেষণা আৰু নৃতাত্ত্বিক ভাষাবিজ্ঞানৰ গৱেষকসকলৰ মাজত সহমত উদ্ভৱ হৈছিল যে কিছুমান নিৰ্দিষ্ট প্ৰসংগৰ বাহিৰত পঢ়া বা লিখাৰ বিষয়ে কোৱাৰ কোনো অৰ্থ নাই— এই অৱস্থাক জেমছ পল গীয়ে "মাত্ৰ অসংলগ্ন" বুলি বৰ্ণনা কৰিছে।[9] আনকি প্ৰতীক-আকৃতিৰ ওপৰত নিপুণতা অৰ্জন কৰাৰ অতি প্ৰাৰম্ভিক পৰ্যায়বোৰো বিশেষ সামাজিক প্ৰসংগত সংঘটিত হয় (আনকি সেই প্ৰসংগটো কেৱল "বিদ্যালয়" হ'ব পাৰে), আৰু মুদ্ৰণ অধিগ্ৰহণৰ পিছত, পঢ়া আৰু লিখাৰ যিকোনো উদাহৰণ সদায়ে এক নিৰ্দিষ্ট উদ্দেশ্য আৰু উপলক্ষ্যৰ বাবে আৰু বিশেষ পাঠক আৰু লেখকসকলক মনত ৰাখি প্ৰণয়ন কৰা হয়। সেয়েহে পঢ়া আৰু লিখা কেতিয়াও সামাজিক আৰু সাংস্কৃতিক উপাদানৰ পৰা পৃথক নহয়।[10][11][12][13][14][15][16][17][18]
কাৰ্যকৰী নিৰক্ষৰতা[19] প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰত প্ৰযোজ্য আৰু ইয়াক বিভিন্ন ধৰণে সংজ্ঞায়িত কৰা হয়; উদাহৰণ স্বৰূপে ক) তেওঁলোকে নিজৰ আৰু সমাজৰ বিকাশৰ বাবে পঢ়া, লিখা আৰু গণনাৰ দক্ষতা ব্যৱহাৰ কৰিবলৈ অক্ষম হয়,[20] খ) দৈনন্দিন জীৱন যাপন আৰু নিযুক্তিৰ কামবোৰ পৰিচালনা কৰিবলৈ পৰ্যাপ্ত পৰিমাণে পঢ়িব নোৱাৰে, য'ত প্ৰাথমিক স্তৰতকৈ অধিক পঢ়াৰ দক্ষতাৰ প্ৰয়োজন হয়,[21] আৰু গ) পৰ্যাপ্ত স্কুলীয়া শিক্ষা, বয়স, ভাষা, প্ৰাথমিক পঢ়াৰ দক্ষতা আৰু আইকিউৰ স্বত্বেও জটিল পাঠ বুজিব নোৱাৰে।[22] ই প্ৰাথমিক নিৰক্ষৰতা (অৰ্থাৎ নিজৰ দৈনন্দিন জীৱনসম্পৰ্কে এটা চমু সৰল মন্তব্য পঢ়িবলৈ আৰু লিখিবলৈ অক্ষম হোৱা) আৰু শিকাৰ অসুবিধা (যেনে: ডিচলেক্সিয়া)-ৰ পৰা পৃথক।[23]
সাক্ষৰতাক ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ দ্বাৰা এনেদৰে সংজ্ঞায়িত কৰা হয়, "৭ বছৰ বা তাতকৈ অধিক বয়সৰ ব্যক্তি এজনৰ যিকোনো ভাষাত বুজাকৈ লিখা আৰু পঢ়াৰ সামৰ্থ্য।"[24] ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সাক্ষৰতাৰ হাৰ ৭৪.০৪%।[24]